The Family Man 3: আৰু মাত্ৰ কেইটামান ঘণ্টা, আহি আছে শ্ৰীকান্ত! কিমান সময়ত মুকলি হ’ব দ্য ফেমিলী মেন ছিজন ৩?
বিগত ২০১৯ চনত এই ৱেব ছিৰিজৰ প্ৰথমটো খণ্ড মুকলি হোৱাৰ পিছত পুনৰ ২০২১ চনত দৰ্শকৰ মাজলৈ আহিছিল দ্বিতীয়টো খণ্ড। ইয়াৰ পিছত দ্য ফেমিলী মেনৰ তৃতীয়টো ছিজনৰ বাবে সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিল। দৰ্শকৰ এনে অপেক্ষাৰ মাজতে শেহতীয়াকৈ আমাজন প্ৰাইমে ঘোষণা কৰিছিল তৃতীয়টো ছিজনৰ মুক্তিৰ দিন।
ক’ভিডকালীন সময়ছোৱাত ঘৰৰ চাৰি দেৱালৰ মাজত আৱদ্ধ হৈ পৰিছিল সকলোৰে জীৱন। লক ডাউনৰ এই সময়খিনিত চিনেৰসিকসকলৰ আমোদৰ আধাৰ হিচাপে মুকলি পাইছিল বহু ৱেব ছিৰিজে। বিভিন্ন অ’টিটি প্লেটফৰ্মত মুকলি হোৱা এই ছিৰিজসমূহৰ মাজত অন্যতম আছিল ‘দ্য ফেমিলী মেন’। দুৰন্ত অভিনয়েৰে দৰ্শকৰ মনত সদায়েই সাঁচ বহুওৱা মনোজ বাজপেয়ীৰ এই ৱেব ছিৰিজে ৰোমাঞ্চিত কৰি তুলিছিল সকলোকে। অনন্য কাহিনী আৰু সপ্ৰতিভ অভিনয়েৰে দৰ্শকৰ আপোন হৈ পৰিছিল দ্য ফেমিলী মেন।
বিগত ২০১৯ চনত এই ৱেব ছিৰিজৰ প্ৰথমটো খণ্ড মুকলি হোৱাৰ পিছত পুনৰ ২০২১ চনত দৰ্শকৰ মাজলৈ আহিছিল দ্বিতীয়টো খণ্ড। ইয়াৰ পিছত দ্য ফেমিলী মেনৰ তৃতীয়টো ছিজনৰ বাবে সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিল। দৰ্শকৰ এনে অপেক্ষাৰ মাজতে শেহতীয়াকৈ আমাজন প্ৰাইমে ঘোষণা কৰিছিল তৃতীয়টো ছিজনৰ মুক্তিৰ দিন।
দ্য ফেমিলী মেন ছিজন ৩
এতিয়া সকলো জল্পনা-কল্পনা তথা অপেক্ষাৰ অৱসান ঘটাই মুক্তিৰ বাবে সাজু দ্য ফেমিলী মেন ছিজন ৩। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে আমাজন প্ৰাইমত উপলব্ধ হ’ব এই ৱেব ছিৰিজ। পিছে দৰ্শকসকলে প্ৰিয় এই ৱেব ছিৰিজটো কিমান সময়ৰ পৰা উপভোগৰ সুযোগ পাব জানেনে?
ষ্ট্ৰীমৰ সময়
প্ৰকাশিত খবৰ অনুসৰি আজি নিশা ১২ বজাৰ পৰা আমাজনত ষ্ট্ৰীম হ’ব এই ছিৰিজৰ তৃতীয় ছিজন। এই নতুন ছিজনত সাতটা খণ্ড থাকিব, প্ৰতিটো খণ্ডৰ দৈৰ্ঘ্য হ’ব ৪০ৰ পৰা ৫০ মিনিটৰ। নতুন ছিজনত খলনায়কৰ চৰিত্ৰত দেখা যাব আন এগৰাকী প্ৰসিদ্ধ অভিনেতা জয়দীপ আহলাৱটক।
থাকিব চাচপেঞ্চ
ইতিমধ্যে মুক্তি পোৱা ট্ৰেইলাৰত এইবাৰ মনোজ বাজপেয়ীৰ চৰিত্ৰ শ্ৰীকান্ত তিৱাৰী পৰিয়ালৰ সমুখত উন্মোচিত হৈছে। ইফালে নিজ সংস্থাৰ পৰাই এইবাৰ সুৰক্ষাৰ বাবে তেওঁক যুঁজ দিয়া দেখিবলৈ পোৱা গৈছে। লগত আছে পৰিয়ালো। গতিকে এইবাৰ কাহিনীত অধিক চাচপেঞ্চৰ আশা কৰা হৈছে।
অভিনয়ত এইসকলো
মুখ্য চৰিত্ৰত মনোজ বাজপেয়ী আৰু খলনায়কৰ চৰিত্ৰত জয়দীপ আহলাৱটৰ লগতে এক গুৰুত্বপূৰ্ণ চৰিত্ৰত এইবাৰ দেখা যাব নিমৃত কৌৰক। তেওঁলোকৰ উপৰিও শ্বৰীব হাছমী, প্ৰিয়মণি, অশ্লেষা ঠাকুৰ, বেদান্ত সিনহাৰ দৰে অভিনেতা-অভিনেত্ৰীকো এই ছিজনত দেখা যাব।