গাখীৰৰ সৈতে তুলনা অভিনেত্ৰী তমন্নাৰ শৰীৰ! বিপদত অন্নু কাপুৰ
‘স্ত্রী ২’ ছবিৰ ‘আজ কি ৰাত’ আৰু এতিয়া আৰিয়ান খানৰ ‘বেডছ অৱ বলীউড’ ছিৰিজৰ ‘গফুৰ’ গীতত নৃত্য কৰি বলীউডত আলোড়নৰ সৃষ্টি কৰিছে তমন্না ভাটিয়াই। তমন্নাক আইটেম নম্বৰত দেখাৰ পিছত অন্নু কাপুৰে কোৱা এটা মন্তব্য ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত।

বলীউডৰ মোহময়ী অভিনেত্ৰী তমন্না ভাটিয়াক লৈ অদ্ভুত মন্তব্য কৰিছে অভিনেতা অন্নু কাপুৰে। অভিনেতাজনে তমন্নাৰ ৰূপক গাখীৰৰ সৈতে তুলনা কৰি নেটিজেনৰ বহু সমালোচনাৰ সন্মুখীন হয়। এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে অন্নু কাপুৰৰ সেই মন্তব্য।
তমান্না ভাটিয়াই ‘স্ত্রী ২’ ছবিৰ ‘আজ কি ৰাত’ আৰু এতিয়া আৰিয়ান খানৰ ‘বেডছ অৱ বলীউড’ ছিৰিজৰ ‘গফুৰ’ গীতত নৃত্য কৰি বলীউড জগতত আলোড়নৰ সৃষ্টি কৰিছে। আৰু তমন্নাক আইটেম নম্বৰত দেখাৰ পিছত হঠাতে অন্নু কাপুৰে কৰি দিলে এক আচৰিত মন্তব্য। যাৰ ফলত এতিয়া ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে। বহুতৰ মতে অন্নু কাপুৰৰ এনে মন্তব্য অতি অপমানজনক। নাৰীৰ বিষয়ে এনে কথা কোৱাটো ঠিক নহয়। বহুতৰ মতে অন্নু কাপুৰে নিজৰ মন বান্ধিব নোৱাৰিলে।
এক সাক্ষাৎকাৰত অন্নুক যেতিয়া তামন্নাৰ আইটেম নম্বৰৰ বিষয়ে সোধা হয়, তেতিয়া অভিনেতাজনে ক’লে, “উফ.. মাচাআল্লাহ, তামন্নাৰ শৰীৰটো গাখীৰৰ দৰে ধুনীয়া! তমন্না একেবাৰে মিল্ক বিউটি!” অভিনেতাজনে এইখিনি কৈয়ে থমকি নৰয়।
তমন্নাৰ আজ কি ৰাত গীতটোৰ প্ৰসংগত অন্নু কাপুৰে কয়, “তমান্নাই কৈছে যে তমন্নাৰ এই গীতটো শুনি শিশু শুই যায়।” তমন্নাকলৈ এটা প্ৰশ্ন, সেই শিশুবোৰৰ বয়স কিমান? ৭০ বছৰীয়া শিশু নহয়টো?
এই বিতৰ্ক সন্দৰ্ভত কোনো মন্তব্য কৰা নাই অন্নু কাপুৰে। কিন্তু অনুৰাগীয়ে এই মন্তব্য একেবাৰে ভাল পোৱা নাই। বহুতে কৈছে যে অন্নু কাপুৰে তমন্নাৰ ওচৰত ক্ষমা খুজিব লাগে।