KBC 17: মই সকলো জানো…অমিতাভ বচ্চনৰ প্ৰতি ছাত্ৰৰ আচৰণক লৈ ক্ষোভিত দৰ্শক…
Kaun Banega Crorepati: বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ আছে কৌন বনেগা কড়োৰপতিৰ এটা ভিডিঅ'। এটা শিশুৰ আচৰণে স্তম্ভিত কৰিছে জনতাক। যাৰ বাবে বহুতে শিশুটিৰ পিতৃ-মাতৃৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে।

বৰ্তমান সামাজিক মাধ্য়মত ভাইৰেল হৈ পৰিছে KBC 17 ৰ এটা ভিডিঅ’। য’ত হট ছিটত দেখা গৈছে এজন ছাত্ৰক। কেবিচিত কেইবাটাও শিশুক দেখা গৈছে যদিও এই শিশুটিয়ে বহুতৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। শিশুটিৰ কথা কোৱাৰ ভংগীমা, আচৰণ চাই মানুহে তেওঁক সমালোচনা কৰা দেখা গৈছে। কোনো কোনোৱে তেওঁক অভদ্ৰ বুলি কোৱাৰ বিপৰীতে কোনোৱে তেওঁৰ পিতৃ-মাতৃক দোষাৰো কৰিছে। তেওঁলোকৰ মতে, পিতৃৃ-মাতৃয়ে ভাল শিক্ষা দিয়াহেতেন তেওঁ এনে আচৰণ নকৰিলহেতেন।
শেহতীয়াকৈ কৌন বনেগা কড়োৰপতিৰ ১৭ ছিজনক পঞ্চম শ্ৰেণীৰ এজন ছাত্ৰক প্ৰতিযোগী হিচাপে দেখা যায়। যাৰ নাম ইশিট ভাট। হট ছিটত বহাৰ পাছত এই শিশুটিয়ে যি আচৰণ কৰে তাক লৈ স্তম্ভিত হৈ পৰিছে বহুজন। একাংশৰ মতে, তেওঁ অমিতাভ বচ্চনৰ দৰে এজন অভিনেতাৰ সৈতে বেয়া ব্যৱহাৰ কৰিছে। বয়সৰ তুলনাত শিশুটিৰ কথা-বতৰা আৰু আচৰণ ঠিক নাছিল।
গুজৰাটৰ বাসিন্দা এই শিশুটি পিতৃ-মাতৃৰ সৈতে অনুষ্ঠানটোলৈ আহিছিল। সুযোগ পোৱাৰ পাছত তেওঁ অমিতাভৰ বিপৰীতে হট ছিটত বহে। কিন্তু খেল আৰম্ভ হোৱাৰ লগে লগে তেওঁৰ আচৰণ দেখি বহুতে স্তম্ভিত হৈ পৰে। প্ৰথমে শিশুটিয়ে অমিতাভক কয় যে, ”প্ৰতিযোগিতাৰ নিয়ম কোৱাৰ প্ৰয়োজন নাই, মই সকলো জানো”।
ইমানেই নহয়, বিগ বিৰ প্ৰতিটো কথাতে তেওঁ বাধা দিছিল। প্ৰশ্ন উত্তৰৰ বিকল্প কোৱাৰ সুযোগো দিয়া নাছিল তেওঁ। বাৰে বাৰে কৈ আছিল, ”আৰে ছাৰ এইটো উত্তৰ লক কৰক। আৰে ছাৰ আপুনি প্ৰশ্ন সোধক না” ইত্যাদি ইত্যাদি। ছাত্ৰগৰাকীৰ এই আচৰণ ভাল পোৱা নাই বহুতে।
কিন্তু খেলত বেছি সময়লৈকে তিষ্টি থাকিব নোৱাৰিলে তেওঁ। ৫ নম্বৰ প্ৰশ্নৰ উত্তৰ তেওঁ ভুলকৈ দিয়ে। যাৰ বাবে ১টকা অবিহনে তেওঁ খেল সামৰি ঘৰলৈ উভতিবলগীয়া হয়। ইয়াৰ পাছত তেওঁ অমিতাভ বচ্চনৰ সৈতে ফটো লয়। প্ৰতিযোগিতাৰ শেষ অমিতাভে কয় যে, ”আত্মবিশ্বাস ভাল, কিন্তু কেতিয়াবা শিশুৱে অতি আত্মবিশ্বাসী হৈ ভুল কৰে”। ছাত্ৰগৰাকীৰ এই ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
অন্য খবৰ পঢ়কঃ ভাৰতৰ ৭০% মহিলা আক্ৰান্ত এই ৰোগত! জানক ইয়াৰ লক্ষণ, কাৰণ আদি সকলো…