শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

চিবিআইৰ হাতলৈ অভিযন্তা যোষিতা দাসৰ চূড়ান্ত পন্থাৰ গোচৰ, দাখিল কৰিলে এফআইআৰ

বঙাইগাঁৱৰ লোক নিৰ্মাণ বিভাগ (গৃহ)ত কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত আছিল যোষিতা দাস। বৰপাৰাস্থিত ভাড়াঘৰত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল। কোঠাৰ ভিতৰত উদ্ধাৰ হোৱা চুইচাইড নোটত যোষিতা দাসে আত্মহত্যা কৰাৰ তথ্য নিশ্চিত হৈছিল।

চিবিআইৰ হাতলৈ অভিযন্তা যোষিতা দাসৰ চূড়ান্ত পন্থাৰ গোচৰ, দাখিল কৰিলে এফআইআৰ
যোষিতা দাসৰ গোচৰ চিবিআইলৈ
monjit-dutta
Monjit Dutta | Published: 14 Oct 2025 18:56 PM

বিগত জুলাই মাহত বঙাইগাঁও লোক নিৰ্মাণ বিভাগৰ এগৰাকী সহকাৰী অভিযন্তাৰ আত্মহত্যাৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য এনে চূড়ান্ত পন্থা গ্ৰহণ কৰা বিষয়াগৰাকীয়ে চুইচাইড নোটত লিখি গৈছিল এক ভয়ংকৰ অভিযোগ উৰ্ধতন বিষয়াৰ পৰা দুৰ্নীতিমূলক কামকাজত জড়িত হোৱাৰ ভাবুকিৰে মানসিক হেঁচা লাভৰ অভিযোগ কৰি এনে সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰিছিল যোষিতা দাসে ইয়াৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰবল প্ৰতিবাদ ন্যায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল দলসংগঠনৰ লগতে বিৰোধীয়েও

এতিয়া যোষিতা দাসৰ আত্মহননৰ এই গোচৰৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে এই গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে আজি এফআইআৰ ৰুজু কৰিছে। প্ৰকাশিত খবৰ অনুসৰি গোচৰৰ তদন্তৰ দায়িত্ব লাভ কৰাৰ পিছতে চিবিআইয়ে প্ৰথমে বঙাইগাঁও থানাত দাখিল কৰা এফআইআৰ পুনৰ পঞ্জীয়ন কৰে।

উল্লেখ্য যে বঙাইগাঁৱৰ লোক নিৰ্মাণ বিভাগ (গৃহ)ত কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত আছিল যোষিতা দাস বৰপাৰাস্থিত ভাড়াঘৰত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল কোঠাৰ ভিতৰত উদ্ধাৰ হোৱা চুইচাইড নোটত যোষিতা দাসে আত্মহত্যা কৰাৰ তথ্য নিশ্চিত হৈছিল চুইচাইড নোটত যোষিতা দাসে কেইবাগৰাকী উৰ্ধতন বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি গৈছে

দুৰ্নীতিপৰায়ণ বিষয়া আৰু কৰ্মচাৰীৰ লগতে ঠিকাদাৰৰ মানসিক হেঁচা সহ্য কৰিব নোৱাৰি যোষিতাই আত্মহনৰ পথ লোৱা বুলি চুইচাইড নোটত উল্লেখ কৰিছিল বঙাইগাঁৱত মিনি ষ্টেডিয়াম প্ৰকল্প নিৰ্মাণৰ বাবে স্থপতি অভিযন্তা দেৱজিৎ শৰ্মা, এছ ডি অ’ আমিনুল ইছলাম আৰু কাৰ্যবাহী অভিযন্তা দীনেশ মেধি শৰ্মাৰ বিৰুদ্ধে উত্থাপন হৈছিল মানসিক হেঁচা প্ৰদানৰ অভিযোগ

চিবিআইৰ এফআইআৰত এই তিনিওজন ব্যক্তিৰ নাম অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে। ইতিপূৰ্বে অসম চৰকাৰে এই গোচৰৰ তদন্তৰ বাবে সাতজনীয়া বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিছিল তদন্তকাৰী দলে ইতিমধ্যে গোচৰৰ সৈতে জড়িত তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। ঘটনাৰ পিছতে বিৰোধীসহ দলসংগঠনসমূহে এই গোচৰৰ চিবিআই তদন্ত দাবী কৰিছিল