দেৱালীৰ পূৰ্বে ৰে’লৱেৰ নিৰ্দেশনা! লগত নিব নোৱাৰে এই ৬বিধ সামগ্ৰী…
Railway: দেৱালীৰ পূৰ্বে বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰে'লৱে। ইয়াৰ অধীনত ৰে'ল যাত্ৰাৰ সময়ত আপুনি ৬ বিধা সামগ্ৰী লগত নিব নোৱাৰে। ব্যক্তিৰ সুৰক্ষাৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্ত।
সমাগত পোহৰৰ উৎসৱ দেৱালী। এই সময়চোৱাত কৰ্মসূত্ৰে ঘৰৰ পৰা আঁতৰত থকা বহু লোকে আপোনজনৰ ওচৰলৈ ঘূৰি যায়। বহুতে ৰে’লেৰে ভ্ৰমণ কৰা দেখা যায়। যাৰ বাবে উৎসৱৰ সময়ত ৰে’লৰ টিকটৰ চাহিদা বেছি হয়। ৰে’ল বিভাগৰ মতে, এইবাৰো দেৱালীৰ সময়ত বহু ভিৰ হ’ব পাৰে। বৃহৎ সংখ্যক যাত্ৰীৰ সমাগমৰ বাবে কোনো ধৰণৰ অনাকাংক্ষিত ঘটনা যাতে সংঘটিত নহয়, তাৰ বাবে ৰে’লৱে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।
নিৰাপত্তাজনিত কাৰণত ৰে’ল মন্ত্ৰালয়ে ৬ বিধ সামগ্ৰী ৰে’লত কঢ়িয়াই নিয়াত নিষেধাজ্ঞা আৰোপ কৰিছে। এই তালিকাখন ৰে’লৱে এক্সৰ জৰিয়তে প্ৰকাশ কৰিছে। যাত্ৰাত নিষেধাজ্ঞা আৰোপ কৰা এইসমূহ সামগ্ৰী হ’ল- ফটকা, কেৰাচিন তেল, গেছ চিলিণ্ডাৰ, ষ্টোভ, জুইশলা আৰু চিগাৰেট। এইবোৰ জ্বলনশীল সামগ্ৰী। যাতে ৰে’লত কোনো ভয়ংকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
ইয়াৰ পূৰ্বেও আৰ পি এফে বিভিন্ন নিৰ্দেশনা জাৰি কৰিছিল। আতচবাজী, জ্বলনশীল সামগ্ৰী বা সন্দেহজনক বস্তু দেখিলে ৰে’লৱেক জনাবলৈ কৈছিল। ইয়াৰ লগতে মূল্যবান বস্তু নিজৰ লগত ৰখা, সৰু বেগ লগত অনা, ডিজিটেল পেমেন্ট ব্যৱহাৰ কৰা, ৰে’ল কৰ্মচাৰীৰ ঘোষণা অনুসৰি যাত্ৰা কৰা আদি পৰামৰ্শ আগবঢ়াইছিল।
উল্লেখ্য যে, বহু ভিৰৰ বাবে যোৱা সময়চোৱাত ৰে’ল ষ্টেচনত বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত নতুন দিল্লী ৰে’ল ষ্টেচনত সংঘটিত হৈছিল এক মৰ্মান্তিক ঘটনা। কুম্ভ মেলালৈ যোৱা যাত্ৰীৰ বিপুল জনসমাগম হোৱাৰ সময়তে ১৮ জন লোকৰ মৃত্যু হৈছিল। এনে দিশৰ ওপৰত লক্ষ্য ৰাখি ৰে’লৱে এতিয়া যাত্ৰীৰ সুৰক্ষাৰ বাবে ন ন পদক্ষেপ গ্ৰহণ কৰিছে।