দিল্লীত জাদেজাৰ বিশেষ কৃতিত্ব, পিছ পৰিল কিংবদন্তি তাৰকা

14 Oct 2025

TV9 ASSAM

দিল্লী টেষ্টৰ দ্বিতীয় ইনিংছত ৰবীন্দ্ৰ জাদেজাই এটা উইকেট দখল কৰে যদিও খৰচ কৰে ১০২ ৰান। তাৰ পিছতো তেওঁ অৰ্জন কৰে এক বিশেষ কৃতিত্ব।

জাদেজা

ঘৰুৱা মাটিত অনুষ্ঠিত মেচত জাদেজাই এইপৰ্যন্ত ভাৰতৰ হৈ ৩৭৭টা উইকেট দখল কৰিছে। ইয়াৰ লগে লগে তেওঁ হৰভজন সিঙক অতিক্ৰম কৰিছে।

সাফল্য

ঘৰুৱা ক্ষেত্ৰত অনিল কুম্বলে ৪৭৬ উইকেটেৰে শীৰ্ষস্থানত থকাৰ বিপৰীতে ৪৭৫টা উইকেটেৰে অশ্বিন আছে দ্বিতীয় স্থানত। তালিকাৰ তৃতীয় স্থানত আছে জাদেজা।

সৰ্বাধিক উইকেট

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ৰবীন্দ্ৰ জাদেজাই মুঠ ৮টা উইকেট দখল কৰে। প্ৰথম টেষ্টত এক দৰ্শনীয় শতকো অৰ্জন কৰা জাদেজা শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হয়।

শৃংখলা

সম্প্ৰতি আইচিচি টেষ্ট ৰেংকিঙৰ শীৰ্ষস্থানৰ অলৰাউণ্ডাৰ জাদেজাই চলিত বৰ্ষত ৮খন টেষ্টত ৮২তকৈ অধিক গড়ে ৬৫৯ ৰান সংগ্ৰহ কৰিছে।

প্ৰদৰ্শন

টেষ্ট ক্ৰিকেটত এইপৰ্যন্ত জাদেজাই ৩,৯৯০ ৰান সংগ্ৰহ কৰিছে। টেষ্ট ফৰ্মেটত ৪০০০ ৰান সম্পূৰ্ণ কৰিবলৈ জাদেজাক এতিয়া প্ৰয়োজন মাত্ৰ ১০ ৰানৰ।

প্ৰয়োজন ১০ ৰান

পঢ়িবলৈ ক্লিক কৰক 

খালী পেটেৰে মৰ্ণিং ৱাক কৰে নেকি?