14 OCT 2025
TV9 ASSAM
আচাৰ্য চাণক্যৰ মতে, মানুহক সহায় কৰা ভাল। কিন্তু কিছুমান মানুহক ভুলতো সহায় কৰিব নালাগে। ইয়াৰ ফলত জীৱনত বহু সমস্যা আহিব পাৰে।
চাণক্যৰ মতে, এবাৰ সহায় কৰাৰ পাছত যি মানুহে সেয়া সন্মান নকৰে বা পাহৰি যায় তেন্তে তেনে লোকৰ বাৰে বাৰে সহায় কৰিব নালাগে। এনে লোক স্বাৰ্থপৰ হয় আৰু সময়ত আপোনালক সহায় নকৰে।
চাণক্যৰ মতে, যিসকল লোকে নিজে পৰিশ্ৰম কৰিব নিবিচাৰে আৰু সদায় আনৰ সহায় বিচাৰি থাকে তেনে লোকক সহায় কৰিব নালাগে। এনে কৰা সময় আৰু সহায় দুয়োটাৰে নষ্ট হোৱা সূচায়।
যিসকল লোকে আনক বিশ্বাসঘাটকতা কৰে, মিছা কথা হয়, নিজৰ সুবিধা বিচাৰে তেনে লোকৰ সহায় কৰিব নালাগে। এনে লোকক সহায় কৰা নিজৰ বাবেও বিপদৰ দৰে।
চাণক্যৰ মতে, কিছুমান মানুহে সদায় দুখী আৰু সমস্যাৰ কথা কৈ থাকে কিন্তু সমাধান নিবিচাৰে। যদি তেওঁ নিজে সমাধান নিবিচাৰে তেন্তে এনে লোকক বাৰে বাৰে সহায় কৰিব নালাগে।
চাণক্যৰ মতে, যদি কোনো ব্যক্তিয়ে আপোনাৰ আগত ভাল ব্যৱহাৰ আৰু আনৰ আগত আপোনাৰ কথা বেয়াকৈ কয় তেন্তে তেনে লোকক সহায় কৰিব নালাগে।
যিসকল লোকে সুৰাপান কৰে, জুৱা খেলে, চুৰি কৰে বা বেয়া কাম কৰে তেনে লোকক কেতিয়াও সহায় কৰিব নালাগে। এনে কৰিলে সেই কামত আপুনি সহায় কৰাৰ দৰে হয়।
পঢ়িবলৈ ক্লিক কৰক