শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Zubeen Garg: জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা ভাৰত-ৱেষ্টইণ্ডিজ টেষ্টলৈ দিনটোৰ শীৰ্ষ খবৰ

Zubeen Garg: জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা ভাৰত-ৱেষ্টইণ্ডিজ টেষ্টলৈ দিনটোৰ শীৰ্ষ খবৰ

manas-borah
Manas Borah | Published: 13 Oct 2025 23:06 PM

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ অন্তিমটো ভিডিঅ’ লাভ কৰিছে এছ আই টিয়ে। চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ অন্তিমটো ভিডিঅ’ লাভ কৰিছে এছ আই টিয়ে। সিদ্ধাৰ্থৰ নিৰ্দেশত ভিডিঅ’টো ডিলিট কৰিছিল অমৃতপ্ৰভাই। কিন্তু চি আই ডিৰ এক্সপাৰ্টে উদ্ধাৰ কৰে উক্ত ভিডিঅ’টো। এই ভিডিঅ’ই তদন্তকাৰী দলক বহু ক্লু দিয়াৰ সম্ভাৱনা আছে।

আজি চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয় ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে য়ট পাৰ্টীত থকা তিনি প্ৰবাসী অসমীয়া। এছ আই টিয়ে জেৰা চলাই তিনিওকে। আন দুজন প্ৰবাসী অসমীয়াও শীঘ্ৰেই উপস্থিত হোৱাৰ সম্ভাৱনা।

SITৰ সমুখত পুনৰ উপস্থিত জুবিনৰ সহযোগী শিল্পী শতাব্দী বৰা। আজি ন্যায়িক আয়োগৰ সন্মুখত ভাষ্য দিয়ে শতাব্দীয়ে। সকলো প্ৰৱাসী অসমীয়াক সহযোগ কৰিবলৈ আহ্বান শতাব্দীৰ।

চাওক দিনটোৰ শীৰ্ষ খবৰ