শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাৰতত উদ্বেগজনকভাৱে হ্ৰাস উটৰ সংখ্যা, অধ্যয়নত চাঞ্চল্যকৰ তথ্য প্ৰকাশ

ভাৰতত প্ৰধানকৈ পাঁচটা প্ৰজাতিৰ উট পোৱা যায়। বিকানেৰ, মেৱাৰী আৰু জয়ছালমেৰী উটে থৰ মৰুভূমিত বাস কৰে। আনহাতে কচ্চ আৰু খৰাই উটে গুজৰাটৰ ৰান অৱ কচ্চ অঞ্চলত বাস কৰে। কিন্তু এতিয়া এই পাঁচোটা প্ৰজাতিৰ উটৰ সংখ্যা একে হাৰত হ্ৰাস পাবলৈ ধৰিছে।

ভাৰতত উদ্বেগজনকভাৱে হ্ৰাস উটৰ সংখ্যা, অধ্যয়নত চাঞ্চল্যকৰ তথ্য প্ৰকাশ
ভাৰতত উদ্বেগজনকভাৱে হ্ৰাস পাইছে উটৰ সংখ্যাImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 22 Oct 2025 14:40 PM

ৰাজস্থানলৈ ফুৰিবলৈ গ’লে এবাৰ উটত উঠি মৰুভূমিত বিচৰণ কৰাৰ সপোন সকলোৰে থাকে। অৱশ্যে এতিয়া যিদৰে কাহিনীবোৰ ঘটি আছে, ভৱিষ্যতে আপুনি, মই বা আমাৰ পৰৱৰ্তী প্ৰজন্মই হয়তো এই সপোন পূৰণ কৰাৰ সুযোগ হেৰুৱাব লাগিব। কাৰণ ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে উটৰ সংখ্যা। কোৱা হয় যে ১৯৭৭ চনৰ উটৰ লোকপিয়লৰ তুলনাত দেশত উটৰ সংখ্যা হ্ৰাস পাইছে প্ৰায় ৭৭ শতাংশ। এনেদৰে চলি থাকিলে আগন্তুক কেইটামান দশকত দেশৰ পৰা উট প্ৰায় নোহোৱা হৈ যাব বুলি আশংকা কৰা হৈছে।

ভাৰতৰ ভিতৰতে সৰ্বাধিক উট ৰাজস্থানত পোৱা যায়। তাৰ পিছতে গুজৰাট। প্ৰতি বছৰে দেশলৈ অহা বিদেশী পৰ্যটকৰ এক বৃহৎ অংশ ৰাজস্থানলৈ যায়। ইয়াৰ অন্যতম আকৰ্ষণ হৈছে মৰুভূমিৰ দুৰ্গ আৰু উট। উটৰ গাখীৰ অতি পুষ্টিকৰ। উটে সামগ্ৰী কঢ়িয়ায়, গাড়ী টানে। ফলত মৰুভূমিৰ জাহাজ নামেৰে পৰিচিত এই প্ৰাণীটোৱে গ্ৰাম্য অৰ্থনীতি আৰু পৰ্যটন দুয়োটা দিশতে যথেষ্ট অৱদান যোগাই আহিছে।

ভাৰতত প্ৰধানকৈ পাঁচটা প্ৰজাতিৰ উট পোৱা যায়। বিকানেৰ, মেৱাৰী আৰু জয়ছালমেৰী উটে থৰ মৰুভূমিত বাস কৰে। আনহাতে কচ্চ আৰু খৰাই উটে গুজৰাটৰ ৰান অৱ কচ্চ অঞ্চলত বাস কৰে। ৰানত বাস কৰা বাবেই এই উটবোৰ সাঁতোৰাতো অতি পাকৈত। কিন্তু এতিয়া এই পাঁচোটা প্ৰজাতিৰ উটৰ সংখ্যা একে হাৰত হ্ৰাস পাবলৈ ধৰিছে। লগতে লাডাখত বেক্টৰিয়ান উট নামৰ এবিধ বিশেষ প্ৰজাতি পোৱা যায়। ইহঁতৰ দুটা কুঁজ আছে। ইতিমধ্যে এইবোৰ বিলুপ্তপ্ৰায় প্ৰাণীৰ তালিকাত আছে। সংখ্যাত তিনিশতকৈও কম। উটৰ সংখ্যা হ্ৰাস পোৱাৰ কাৰণ কি?

এটা ডাঙৰ কাৰণ হ’ল পশুপালক সমাজৰ নৱপ্ৰজন্মই উট পালনৰ প্ৰতি এতিয়া আগ্ৰহী নহয়। দেশৰ মূলসুঁতিৰ পশুধন উন্নয়ন কাৰ্যসূচীত উট অন্তৰ্ভুক্ত নহয়। ফলত উট পালকসকলে উট পালনৰ কোনো বৈজ্ঞানিক প্ৰশিক্ষণ লাভ কৰা নাই। অৱশ্যে ভাল খবৰটো হ’ল এই বিষয়টো চৰকাৰৰ দৃষ্টিৰ পৰা সাৰি যোৱা নাই ৷

যোৱা মাহত কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ে উট সংৰক্ষণৰ ওপৰত এখন খচৰা নীতি পত্ৰ প্ৰস্তুত কৰিছিল। সকলো অংশীদাৰৰ সৈতে কথা পতাৰ পিছত চূড়ান্ত পৰিকল্পনা প্ৰস্তুত কৰা হ’ব। তাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীসভাত দাখিল কৰা হ’ব। কেবিনেটে অনুমোদন জনোৱাৰ লগে লগে উট বচাবলৈ দেশত National Camel Sustainability Initiative নামৰ এক নতুন প্ৰকল্প আৰম্ভ কৰা হ’ব। তেতিয়া হয়তো ভাৰতত উট বাচি থকা সম্ভৱপৰ হৈ উঠিব।