শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এটা বা দুটা নহয়, অধিক সন্তানৰ মাতৃ হোৱাৰ হেঁপাহৰ পৰিনীতিৰ! কাৰণ ক’লে…

পৰিনীতিৰ পৰিয়ালে পালে এটি পুত্ৰ সন্তানৰ আশীৰ্বাদ।  তাৰ লগে লগে ৰাঘৱৰ দিল্লীৰ ঘৰত উৎসৱমুখৰ পৰিৱেশ। এই সময়তে  ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে পৰিনীতিৰ এটা পুৰণি সাক্ষাৎকাৰ। য’ত পৰিনীতিয়ে সন্তান জন্ম দিয়াৰ ইচ্ছা স্পষ্টকৈ প্ৰকাশ কৰিছিল।

এটা বা দুটা নহয়, অধিক সন্তানৰ মাতৃ হোৱাৰ হেঁপাহৰ পৰিনীতিৰ! কাৰণ ক’লে…
পৰিনীতি চোপ্ৰা
trishna-kalita
Trishna Kalita | Updated On: 21 Oct 2025 12:34 PM

ৰাঘৱ চাদ্দা আৰু পৰিনীতি চোপ্ৰাৰ পৰিয়াললৈ আহিছে এগৰাকী নতুন সদস্য। দীপাৱলীৰ ঠিক আগতে পৰিনীতিৰ পৰিয়ালে পালে এটি পুত্ৰ সন্তানৰ আশীৰ্বাদ।  তাৰ লগে লগে ৰাঘৱৰ দিল্লীৰ ঘৰত উৎসৱমুখৰ পৰিৱেশ। এই সময়তে  ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে পৰিনীতিৰ এটা পুৰণি সাক্ষাৎকাৰ। য’ত পৰিনীতিয়ে সন্তান জন্ম দিয়াৰ ইচ্ছা স্পষ্টকৈ প্ৰকাশ কৰিছিল।

পৰিনীতিয়ে কি কৈছিল?

বিবাহৰ আগতে পৰিয়াল আৰু বিবাহৰ ক্ষেত্ৰত পৰিনীতিৰ স্থিতি অতি স্পষ্ট। আৰম্ভণিৰে পৰাই কৈ আহিছিল যে তেওঁ,  বহু ল’ৰা-ছোৱালীক তুলি ল’ব লাগে। পৰিনীতিৰ ভাষাত অনাথ ল’ৰা-ছোৱালীক দেখিলেই এটা কথাই মনলৈ আহে- মাক অবিহনে কোনোবাই কেনেকৈ ডাঙৰ হ’ব পাৰে!

সেয়ে অভিনেত্ৰীগৰাকীয়ে সন্তান দত্তক ল’ব বিচাৰে আৰু বহুতৰে মাতৃ হ’ব বিচাৰে।পৰিনীতি তাতেই থমকি ৰোৱা নাছিল। অভিনেত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছিল, “বিয়াৰ পিছত, এটা বা দুটা নহয়। মোক বহুত সন্তান লাগে। সিহঁতৰ লগত খেলা-ধূলা কৰি দিন পাৰ কৰিম।”

চলিত বৰ্ষৰ আগষ্ট মাহত পৰিনীতিয়ে গৰ্ভধাৰণৰ কথা প্ৰকাশ কৰিছিল। ইনষ্টাগ্ৰামত বগা আৰু সোণালী ৰঙৰ কেকৰ ফটো পোষ্ট কৰি লিখিছিল, “আমাৰ সৰু পৃথিৱীখন… আহি আছে, আশীৰ্বাদ কৰক।” কেকটোত “১ + ১ = ৩” বুলি লিখা আছিল, যিয়ে তেওঁলোকৰ আগন্তুক সন্তানৰ স্পষ্ট ইংগিত দিছিল।

তাৰ পিছত শনিবাৰে ছ’চিয়েল মিডিয়াত ৰাঘৱে নিজেই এই খবৰটো ঘোষণা কৰে। তেওঁ লিখিছে, “অৱশেষত তেওঁ আহিল, আমাৰ পুত্ৰ। পূৰ্বে আমি ইজনে সিজনৰ বাবে আছিলো। এতিয়া আমাৰ ওচৰত সকলো আছে।”

 

View this post on Instagram

 

A post shared by Raghav Chadha (@raghavchadha88)

ৰাঘৱ-পৰিনীতিৰ যুটীয়ে সদায় সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে। তেওঁলোকৰ সম্পৰ্কৰ সমীকৰণটো যথেষ্ট মধুৰ। ইজনে সিজনক আৰু পৰিয়ালৰ যত্ন লয়। আৰু সেই পৰিয়ালটো এতিয়া সম্পূৰ্ণ হৈছে। এতিয়া দীপাৱলীত তেওঁলোকৰ পৰিয়ালটো সুখৰ পোহৰেৰে আলোকিত হৈ পৰিছে। অভিনন্দন বাৰ্তাৰে ভৰি পৰিছে ইণ্টাৰনেট।