5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Wayanad By Election Result 2024: ৱায়ানাডত নিশ্চিত জয়ৰ দিশে প্ৰিয়ংকা গান্ধী! ২ লাখ ভোটত বৃহৎ অগ্ৰগতি…

Wayanad By Election Result 2024: ৱায়ানাড লোকসভা আসনৰ প্ৰতিদ্বন্দ্বী প্ৰিয়ংকা গান্ধী ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ (ইউডিএফ) প্ৰাৰ্থী। ভাৰতীয় কমিউনিষ্ট পাৰ্টি (CPM)ৰ নেতৃত্বত বাওঁ গণতান্ত্ৰিক মৰ্চাই তেওঁৰ বিৰুদ্ধে সত্যন মোকেৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। নব্যা হৰিদাস এন ডি এ মিত্ৰজোঁটৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

Wayanad By Election Result 2024: ৱায়ানাডত নিশ্চিত জয়ৰ দিশে প্ৰিয়ংকা গান্ধী! ২ লাখ ভোটত বৃহৎ অগ্ৰগতি…
ৱায়ানাডত নিশ্চিত জয়ৰ দিশে প্ৰিয়ংকা গান্ধী!
trishna-kalita
Trishna Kalita | Updated On: 23 Nov 2024 18:16 PM

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ পদত্যাগৰ পিছত খালী হৈ থকা কেৰালাৰ খালী ৱায়ানাড লোকসভা আসনৰ উপ-নিৰ্বাচনৰ বাবে আজি অনুষ্ঠিত হৈছে ভোটগণনা। পুৱাৰ পৰাই চলিছে ভোটগণনা । আৰম্ভণিতে প্ৰিয়ংকা গান্ধীয়ে বৃহৎ অগ্ৰগতি লাভ কৰিছে। পিছ পৰি আছে বিজেপি । প্ৰথমবাৰৰ বাবে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰি কেৰালাৰ ৱায়নাড লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাটো প্ৰায় নিশ্চিত কৰিছে প্ৰিয়ংকা গান্ধীয়ে।

ৱায়ানাডত এক বিশাল বিজয়ৰ দিশে আগবাঢ়িছে প্ৰিয়ংকা গান্ধী । এতিয়ালৈকে আনুষ্ঠানিকভাৱে এই সমষ্টিৰ ফলাফল ঘোষণা কৰা হোৱা নাই যদিও প্ৰাথমিক যি আভাস পোৱা গৈছে সেই আভাসত দেখা পোৱা মতে ৱায়নাডত চলিছে প্ৰিয়ংকাৰ ছুনামি। এতিয়ালৈকে তেওঁ ৩,৫৭,১৬৫ টা ভোট লাভ কৰিছে, আনহাতে চিপিআই প্ৰাৰ্থী সত্যন মোকেৰীয়ে ১,২২,১৩০ টা ভোট লাভ কৰিছে। বিজেপি তৃতীয় স্থানত আছে। য’ত প্ৰাৰ্থী নব্যা হৰিদাসে ৬৭,০৫৮টা ভোট লাভ কৰিছে। ২,৩৫,০৩৫ টা ভোটত আগবাঢ়ি আছে প্ৰিয়ংকা গান্ধী।

এই আসনৰ পৰা ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত একেৰাহে দ্বিতীয়বাৰৰ বাবে সংসদলৈ নিৰ্বাচিত হৈছিল ৰাহুল গান্ধী। ৰাহুল বাওঁ গণতান্ত্ৰিক মৰ্চাৰ চিপিআই(এম) প্ৰাৰ্থী এনি ৰাজাক ৩,৬৪,০০০ তকৈও অধিক ভোটত পৰাজিত কৰে। ৰাহুলে ৱায়ানাড আসনৰ পৰা পদত্যাগ কৰাৰ সময়ত উত্তৰ প্ৰদেশৰ ৰায়বৰেলী আসনৰ পৰা সাংসদ হৈছিল। সেয়েহে তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধীয়ে ৱায়ানাড প্ৰথমবাৰৰ বাবে উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে।

২০১৯ৰ লোকসভা নিৰ্বাচনত, ৰাহুল গান্ধীয়ে এই আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল আৰু মুঠ ৭০৬,৩৬৭ টা ভোট লাভ কৰিছিল। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ৰাহুল গান্ধীয়ে মুঠ ৬৪.৯৪ শতাংশ ভোট লাভ কৰিছিল। সেই সময়ত দ্বিতীয় স্থানত অহা চিপিআই(এম)ৰ প্ৰাৰ্থী পি পি চুনিৰে মাত্ৰ ২,৭৪,৫৯৭ টা ভোট লাভ কৰিছিল। এই আসনত, প্ৰয়াত কংগ্ৰেছ নেতা এম.আই. শানাভাসে ২০০৯ আৰু ২০১৪ চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ২০১৮ চনত তেওঁৰ মৃত্যুৰ পিছত, ৰাহুল গান্ধীয়ে ২০১৯ৰ নিৰ্বাচনত এই আসনৰ পৰা মনোনয়ন দাখিল কৰিছিল।

Latest News