শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো
উপ-নিৰ্বাচন

উপ-নিৰ্বাচন

উপ-নিৰ্বাচন হৈছে সংসদ সদস্য বা আন যিকোনো বিধানসভাৰ মৃত্যু, পদত্যাগ বা অযোগ্যতাৰ ফলত খালী হোৱা আসন পূৰণৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচন। ইয়াৰ উপৰিও যদি সংসাদৰ এজন সদস্য একাধিক আসনৰ পৰা নিৰ্বাচিত হয়, তেওঁ বাকী এখন আসন এৰিব লাগিব আৰু তেওঁৰ ৰৈ থকা আসনত উপ-নিৰ্বাচন অনুষ্ঠিত হয়।

আজি অসম বিধানসভাত শপত গ্ৰহণ অনুষ্ঠান: নৱনিৰ্বাচিত ৫ বিধায়কে ল’ব শপত

১৩ নৱেম্বৰত অসমৰ বিহালী, ছিদলী, বঙাইগাঁও, চামগুৰি আৰু ধলাই সমষ্টিত অনুষ্ঠিত হৈছিল নিৰ্বাচন। ২৩ নৱেম্বৰত ঘোষণা কৰা হৈছিল অসম বিধানসভাৰ উপ-নিৰ্বাচনৰ ফলাফল। য'ত এই আটাইকেইটা সমষ্টিত জয় লাভ কৰিবলৈ সক্ষম হৈছিল এন ডি এৰ প্ৰাৰ্থীয়ে।

Assam By-Election Results 2024: চামগুৰিত খহিল ৰকিবুলৰ দুৰ্গ! বিফলতাৰ আঁৰৰ কাৰণ কি?

Assam by election: আজি ঘোষণা হ'ল ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল। ৫খন আসনতেই শেষ হাঁহি মাৰিলে বিজেপি মিত্ৰজোঁটে। বঙাইগাঁৱত অগপ আৰু ছিদলীত ইউপিপিএলৰ প্ৰাৰ্থীৰ বিজয়ৰ বিপৰীতে বিহালী, ধলাই আৰু চামগুৰিত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে উপ-নিৰ্বাচনৰ ফলাফলত ।

উপ-নিৰ্বাচনত মুখ থেকেচা! পুনৰ এক হোৱাৰ দিশে অখিল-ভূপেন-লুৰিণ…

বিৰোধিৰ মাজত হোৱা এয়া মতানৈক্যৰ প্ৰভাৱ অসমৰ উপ- নিৰ্বাচনত বাৰুকৈয়ে দেখিবলৈ পোৱা গৈছে। অসমৰ এখনো আসনত জয় লাভ কৰিবলৈ সক্ষম নহ'ল বিৰোধী। এই সময়ত প্ৰয়োজন আছিল বিৰোধী একগোট হোৱাৰ, কিন্তু তেনে নকৰি কংগ্ৰেছৰ কাণ্ডই মৰ্চাক বেক ফুটলৈ ঠেলি দিছিল।

Wayanad By Election Result 2024: ৱায়ানাডত প্ৰিয়ংকা গান্ধীৰ ধুমুহা, ৪ লাখতকৈও অধিক ভোটৰ ব্যৱধানত জয়লাভ!

ৱায়ানাড লোকসভা আসনত প্ৰিয়ংকা গান্ধীৰ বৃহৎ জয়। ভাৰতীয় কমিউনিষ্ট পাৰ্টি (CPM)ৰ নেতৃত্বত বাওঁ গণতান্ত্ৰিক মৰ্চাই তেওঁৰ বিৰুদ্ধে সত্যন মোকেৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। ইফালে নব্যা হৰিদাস এনডিএ মিত্ৰজোঁটৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।

উপ-নিৰ্বাচনত NDAৰ ক্লীন ছুইপ! অসমবাসীক ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে

Assam by election result: বঙাইগাঁৱত অগপ আৰু ছিদলীত ইউপিপিএলৰ প্ৰাৰ্থীৰ বিজয়ৰ বিপৰীতে বিহালী, ধলাই আৰু চামগুৰিত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে।  ধলাই সমষ্টিত বিজেপিৰ নীহাৰ ৰঞ্জন দাস, বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাল, বঙাইগাঁও সমষ্টিত  অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী, চিদলী সমষ্টিত জয়লাভ কৰিছে ইউপিপিএ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম, চামগুৰি সমষ্টিত বিজয় সাব্যস্ত কৰিছে বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই।

উপ- নিৰ্বাচনঃ অসমৰ ৫ সমষ্টিত NDA প্ৰাৰ্থীৰ বৃহৎ জয়, চাওক কোনে,ক’ত কৰিলে জয়লাভ…

Assam by election result: বহু অপেক্ষাৰ অন্তত প্ৰকাশ পালে অসমৰ ৫ সমষ্টিৰ বিধানসভা নিৰ্বাচনৰ উপ- নিৰ্বাচনৰ ফলাফল। অসমৰ চামগুৰি, বিহালী, ধলাই, বঙাইগাঁও আৰু চিদলীত এন ডি এৰ প্ৰাৰ্থীয়ে জয় লাভ কৰিবলৈ সক্ষম হয়। ১৩ নৱেম্বৰত অনুষ্ঠিত হৈছিল অসমৰ ৫ সমষ্টিৰ বিধানসভাৰ উপ- নিৰ্বাচন।

উৎকণ্ঠাৰ অন্ত! জানক ১৩খন ৰাজ্যৰ ৪৬খন আসনৰ উপ-নিৰ্বাচনত কোনে উৰুৱাইছে বিজয়ধ্বজা

Assembly By-election seat wise result: আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে উপনিৰ্বাচনৰ ভোটগণনা। অসমৰ ৫টা সমষ্টিৰ উপৰিও দেশৰ ৪৬খন বিধানসভা আসন আৰু ২খন লোকসভা আসনত অনুষ্ঠিত উপ-নিৰ্বাচনৰ ফলাফল আনুষ্ঠানিক ঘোষণা কৰিবলৈ কিছু সময় আছে। কিন্তু তাৰ পূৰ্বেই জানক ৰাজ্যৰ বিধানসভাৰ আসনত কোন দলে আগবাঢ়ি আছে...

চামগুৰিত বিজেপিৰ বৃহৎ জয়, ৩০ বছৰ পাছত ভাঙিল কংগ্ৰেছৰ দুৰ্গ

Assam by election: দীৰ্ঘদিনৰ অন্তত চামগুৰিৰ ৰাজনীতিত বৃহৎ পৰিবৰ্তন। ২০০১ চনৰ পৰা এই সমষ্টিটোত ৰকিবুল হুচেইন বিধায়ক হিচাপে অধিষ্ঠিত হৈ আছিল যদিও ২০২৪ চনৰ নিৰ্বাচনত ই বিজেপিৰ হাতলৈ যায়। চামগুৰিত বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাই বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয়।

Assam by election result: নীহাৰ ৰঞ্জন দাসৰ জয়, বিজেপিৰ দখললৈ ধলাই সমষ্টি!

ইতিমধ্যে প্ৰায় ৫টা সমষ্টিৰে ফলাফল পোহৰলৈ আহিছে। ৫টা সমষ্টিতে জয় হৈছে বিজেপিৰ প্ৰাৰ্থী। মূলতঃ বিজেপি-অগপ মিত্ৰজোঁট আৰু বিৰোধী কংগ্ৰেছৰ মাজতে দেখা গ'ল নিৰ্বাচনী যুঁজ। ধলাইত বিজেপিৰ প্ৰাৰ্থী নীহাৰৰঞ্জন দাসৰ জয় লাভ।

ঝাৰখণ্ডত কল্পনা ছোৰেনৰ যাদু! যাৰ যাৰ আছে ৰতন টাটাৰ কোম্পানীসমূহৰ প্ৰতি ভালপোৱা

লোকসভা নিৰ্বাচনত হেমন্ত ছোৰেনৰ পত্নী কল্পনা সোৰেনৰ নাম যথেষ্ঠ শুনা গৈছিল। সমগ্ৰ দলটোক কান্ধত লৈ তেওঁ লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাইছিল। তেতিয়া হেমন্ত ছোৰেন জে'লত আছিল। এতিয়া বিধানসভা নিৰ্বাচনতো কল্পনা ছোৰেনে স্বামীৰ সৈতে কঠোৰ পৰিশ্ৰম কৰিছিল আৰু এতিয়া সেই কঠোৰ পৰিশ্ৰমৰ ফল পাইছে।

উপ- নিৰ্বাচনৰ ফলাফলঃ চিদলী আৰু বঙাইগাঁৱত NDA প্ৰাৰ্থীৰ বৃহৎ জয়…

Assam by election result: চলি আছে বিধানসভা উপ- নিৰ্বাচনৰ ভোট গণনা। ইতিমধ্যে ৩ টা সমষ্টিৰ ফলাফল পোহৰলৈ আহিছে। এই ৩ টা সমষ্টিয়ে গৈছে এন ডি এৰ হাতলৈ। চিদলীত ইউ পি পি এলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে বঙাইগাঁৱত অগপ প্ৰাৰ্থীয়ে জয় লাভ কৰে।

হেমন্ত ছোৰেনে ঝাৰখণ্ডত ২৪ বছৰৰ অভিলেখ ভংগ কৰিলে, এই ৫টা কাৰণতে পিছ পৰিল বিজেপি

বিজয়ৰ দিশে আগবাঢ়িছে হেমন্ত ছোৰেনৰ দল। ঝাৰখণ্ডত প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে, এটা দলে শক্তিশালীভাৱে ক্ষমতালৈ ঘূৰি আহিছে। হেমন্ত ছোৰেনে ঝাৰখণ্ডত এই অভিলেখ কেনেকৈ ভংগ কৰিলে, জানক ইয়াৰ ৫টা কাৰণ।

গৌৰৱ গগৈৰ দাবী নৰজিলঃ বিজেপিৰ দখললৈ গ’ল বিহালী সমষ্টি

বিহালী সমষ্টিত জয়লাভ কৰিছে বিজেপিয়ে। দলটোৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালে সমষ্টিটোত ৯,০৫১টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। তেওঁৰ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ জয়ন্ত বৰা দ্বিতীয় স্থানত থাকে। এই দুই প্ৰাৰ্থীৰ বিপৰীতে সমষ্টিটোত তৃতীয় স্থানত থাকে চি পি আই এম এলৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মী।

Wayanad By Election Result 2024: ৱায়ানাডত নিশ্চিত জয়ৰ দিশে প্ৰিয়ংকা গান্ধী! ২ লাখ ভোটত বৃহৎ অগ্ৰগতি…

Wayanad By Election Result 2024: ৱায়ানাড লোকসভা আসনৰ প্ৰতিদ্বন্দ্বী প্ৰিয়ংকা গান্ধী ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ (ইউডিএফ) প্ৰাৰ্থী। ভাৰতীয় কমিউনিষ্ট পাৰ্টি (CPM)ৰ নেতৃত্বত বাওঁ গণতান্ত্ৰিক মৰ্চাই তেওঁৰ বিৰুদ্ধে সত্যন মোকেৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। নব্যা হৰিদাস এন ডি এ মিত্ৰজোঁটৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

Assam By-Election Results 2024: ৰাজ্যত অব্যাহত আছে উপ-নিৰ্বাচনৰ ভোটগণনা! কোন সমষ্টিত কাৰ অগ্ৰগতি?

Assam By-Election Results : আজি ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা৷ আজিৰ এই ভোট গণনাত ফলাফল ওলাব মুঠ ৩৪গৰাকীৰ ভাগ্য৷ এই উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে ৩৪ গৰাকী প্ৰাৰ্থীয়ে। ইয়াৰ মাজৰে পৰা দিছপুৰলৈ জয়ী হৈ যাব মাত্ৰ পাঁচ গৰাকী প্ৰাৰ্থী৷