শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ২৪ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
manas-borah
Manas Borah | Published: 24 Oct 2025 08:39 AM

আজি ২৪ অক্টোবৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২৪ অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৫৭৭ চনত চতুৰ্থ শিখ গুৰু ৰামদাসে অমৃত সৰোৱৰ হ্ৰদৰ নামেৰে নামাকৰণ কৰি অমৃতসৰ নগৰ প্ৰতিষ্ঠা কৰে।

১৫৭৯ চনত জেচুইট পুৰোহিত এছ.জে. পৰ্তুগীজ জাহাজেৰে গোৱাত উপস্থিত হৈ ভাৰত ভ্ৰমণ কৰা প্ৰথমজন ইংৰাজ আছিল থমাছ।

১৬০৫ চনৰ আজিৰ দিনটোতে আগ্ৰাত মোগল সম্ৰাট জাহাংগীৰ সিংহাসনত আৰোহণ কৰে।

১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ মাত্ৰ এমাহৰ পিছত বিশ্ব শান্তিৰ প্ৰসাৰৰ বাবে ৰাষ্ট্ৰসংঘ (UNO) প্ৰতিষ্ঠা কৰা হয়।

১৯৪৬ চনত ৰকেট ব্যৱহাৰ কৰি মহাকাশৰ পৰা পৃথিৱীৰ প্ৰথম ছবি লোৱা হয়।

১৯৪৮ চনত বাৰ্নাৰ্ড বাৰুচে চেনেটৰ যুদ্ধ অনুসন্ধান সমিতিৰ সন্মুখত দিয়া ভাষণত প্ৰথমবাৰৰ বাবে “শীতল যুদ্ধ” শব্দটো ব্যৱহাৰ কৰে।

১৯৮২ চনত সুধা মাধৱনে মাৰাথন দৌৰৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয়।

১৯৮৪ চনত এস্প্লেনেড আৰু ভৱানীপুৰৰ মাজত কলকাতাত প্ৰথমখন মেট্ৰ’ ৰে’ল (ভূগৰ্ভস্থ ৰে’ল) চলাচল আৰম্ভ হয়।