এনে খাদ্যই সুস্থ কৰি ৰাখিব আপোনাৰ হৃদযন্ত্ৰ

23 Oct 2025

TV9 ASSAM

হৃদযন্ত্ৰই সমগ্ৰ শৰীৰত তেজ সঞ্চালনৰ কাম কৰে। দুৰ্বল হৃদযন্ত্ৰই ক্লান্তি, ৰক্তচাপৰ সমস্যা, হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰে। সুস্থ হৃদযন্ত্ৰৰ বাবে কি খাব লাগে, চাওক।

হৃদযন্ত্ৰ

বিশেষজ্ঞৰ মতে ওটচ, বাৰ্লি, ব্ৰাউন ৰাইচত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, যি বেয়া কলেষ্টেৰল কমোৱাত সহায় কৰে। হৃদযন্ত্ৰ শক্তিশালী আৰু ফিট কৰি ৰাখে।

ওটছ

পালেং, ব্ৰকলি, আপেল আদি খাদ্যত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে আৰু এইদৰে হৃদযন্ত্ৰক যিকোনো হৃদৰোগৰ পৰা ৰক্ষা কৰে।

শাক-পাচলি, ফল-মূল

আখৰোট, আলমণ্ড, শণৰ বীজত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে। ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে।

বাদাম-বীজ

ঘিউ বা মাখনৰ পৰিৱৰ্তে খাদ্যত অলিভ অইল বা সৰিয়হৰ তেল ব্যৱহাৰ কৰক। এই স্বাস্থ্যকৰ চৰ্বিবোৰে হৃদযন্ত্ৰক সুৰক্ষা দিয়ে।

অলিভ অইল

মাছ, দাইল, পনিৰ আদি খাদ্যই হৃদযন্ত্ৰৰ পেশী শক্তিশালী কৰে। প্ৰটিনে হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা উন্নত কৰে।

প্ৰটিন সমৃদ্ধ খাদ্য

অত্যধিক নিমখ আৰু চেনি খালে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে এনে দ্ৰৱ্য পৰিমিতভাৱে সেৱন কৰক।

নিমখ-চেনি হ্ৰাস

পঢ়িবলৈ ক্লিক কৰক 

মগজু সুস্থ কৰি ৰখাত সহায় কৰে এই চাৰিবিধ খাদ্যই