বাৰে বাৰে মুখত ঘাঁ হোৱাৰ কাৰণ, জানক...

24  OCT 2025

TV9 ASSAM

 বহু সময়ত মানুহে মুখৰ ঘাঁৰ সমস্যাত ভোগে। যেতিয়া এই সমস্যা হয় তেতিয়া কথা খোৱা, খাদ্য খোৱা আদিত অসুবিধা হয়। মুখত ঘাঁ হোৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে।

মুখৰ ঘাঁ

ডাঃ সুভাষ গিৰীয়ে কয় যে, যেতিয়া শৰীৰত আইৰণ, ভিটামিন বি১২ বা ফলিক এচিডৰ অভাৱ হয় তেতিয়া ছাল বহুত সংবেদনশীল হৈ পৰে। যাৰ ফলত মুখত ঘাঁ হয়।

ৰক্তহীনতা

পেটত যেতিয়া এচিডৰ ভাৰসাম্য় বিঘ্নিত হয় তেতিয়া মুখত গৰম বৃদ্ধি পায়। যাৰ ফলত মুখত ঘাঁ হয়। পেটত জলা-পোৰা, বুকু জলা-পোৰা, উগাৰ আদি বাৰে বাৰে হ'লে মুখত ঘাঁ হ'ব পাৰে।

গেষ্ট্ৰিকৰ সমস্যা

ডায়েবিটিছৰ ৰোগীসকলৰ ইমিউন চিষ্টেম দুৰ্বল হৈ যায়। যাৰ ফলত মুখৰ ভিতৰত বাৰে বাৰে ঘাঁ হ'ব পাৰে। এই ক্ষেত্ৰত বিশেষঞ্জৰ সহায় ল'ব লাগে।

ডায়েবেটিছ

এয়া এক অটোইম্যুন ৰোগ। যাৰ ফলত ইমিউন চিষ্টেমে শৰীৰৰ সুস্থ পেশীবোৰক আক্ৰমণ কৰে। ইয়াৰ ফলত মুখত ঘাঁ,ছালত গুটি ওলোৱা, দাঁতৰ গুড়িত সমস্য়া আদি হ'ব পাৰে।

চিষ্টেমিক ল্যুপছ এৰিথেমেটোৰছ

ই পাচনতন্ত্ৰৰ লগত জড়িত এক সমস্যা। ইয়াৰ প্ৰভাৱ ডাইজেষ্টিভ ট্ৰেক্টত পৰে। যাৰ ফলত মুখৰ ভিতৰখন ফুলিব পাৰে বা ঘাঁ হ'ব পাৰে।

ক্ৰোহন ৰোগ

মুখৰ ঘাঁ হোৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে। যদি মুখৰ ঘাঁ বাৰে বাৰে হয়, ২-৩ সপ্তাহতকৈ অধিক সময় ধৰি খাকে তেন্তে ই ডাঙৰ ৰোগৰ সংকেত হ'ব পাৰে। এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল।

চিকিৎসক

পঢ়িবলৈ ক্লিক কৰক 

কাহৰ কাৰণ