পাকিস্তানৰ নতুন কু-কাণ্ড! এইবাৰ মহিলাক দিয়া হৈছে সন্ত্ৰাসবাদৰ পাঠ, ভিডিঅ’ পোহৰলৈ…
এইবাৰ পোহৰলৈ আহিছে পাকিস্তানৰ আন এক কু-কাণ্ড। মহিলাসকলক ঢাল হিচাপে গ্ৰহণ কৰি এইবাৰ পাকিস্তানে আন এক ষড়যন্ত্ৰ ৰচিছে। কোৱা হৈছে, মহিলাসকলক সন্ত্ৰাসবাদৰ প্ৰতি আকৰ্ষণ কৰিবলৈ এনে কৰা হৈছে।
এইবাৰ পোহৰলৈ আহিছে পাকিস্তানৰ আন এক কু-কাণ্ড। সন্ত্ৰাসবাদীৰ দুৰ্গ হিচাপে পৰিচিত পাকিস্তানে এইবাৰ মহিলাক লগত লৈ কৰিছে নতুন ষড়যন্ত্ৰ।নাৰী সৱলীকৰণৰ নামত লস্কৰ-ই-তৈবাই (LeT)-এ এক নতুন কৌশল গ্রহণ কৰিছে। অভিযোগ অনুসৰি, ইয়াৰ দ্বাৰা মুছলিম ওমেন লীগ (MWL) আৰু মুছলিম গাৰ্লছ লীগ (MGL) নামৰ দুটা সংগঠন প্ৰতিষ্ঠা কৰা হৈছে। এই সংগঠন দুটাই মহিলাৰ শিক্ষা আৰু উন্নতিৰ বাবে কাম কৰা যেন লাগিলেও ইয়াৰ আঁৰত যেন আছে বেলেগ ষড়যন্ত্ৰ।
এই দুয়োটা সংগঠনৰ দায়িত্বত আছে সন্ত্ৰাসবাদী হাফিজ ছাইদৰ পৰিয়ালৰ মহিলা। এনে অৱস্থাত আশংকা কৰা হৈছে যে, হাফিজে মহিলাসকলক উগ্ৰবাদৰ পিনে আকৰ্ষণ কৰাৰ বাবে এই নতুন পদক্ষেপ গ্ৰহণ কৰিছে।
এই সংগঠন দুটাৰ কাম-কাজৰ প্ৰতি এনেদৰে উপস্থাপন কৰা হৈছে যে তেওঁলোকে নাৰীক সবলীকৰণ কৰাৰ কাম কৰিছে। দেখাত এই সংগঠন কেইটাই ভাল কাম কৰা যেন লাগিলেও তাৰ আঁৰত যেন আছে আন এক অভিসন্ধি। আশংকা কৰা হৈছে যে, এই সংগঠন দুটাই মহিলাৰ ব্ৰেইন ৱাছ কৰাৰ চেষ্টা কৰি আছে। কৰ্মশালা আৰু বৈঠকত মহিলাসকলক উগ্ৰবাদৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা কৰা হৈছে। এই কৰ্মশালাত ইছলামৰ নামত ভাৰত আৰু ভাৰতীয় সেনাৰ বিৰুদ্ধে ঘৃণামূলক কথা শিকোৱা হয়।
ভিডিঅ’ পোহৰলৈ
শেহতীয়াকৈ এটা ভিডিঅ’ পোহৰলৈ আহিছে য’ত লস্কৰ-ই-তৈবাৰ (LeT)ৰ এগৰাকী সদস্যই MWL ৰ মহিলাসকলক অপাৰেশ্যন সেন্দূৰৰ ওপৰত শিক্ষা দি আছে। খবৰ অনুসৰি, এই কৰ্মশালা বা বৈঠকসমূহত ভাৰতীয় সেনাক শত্ৰু হিচাপে উপস্থাপন কৰা হয়। ভাৰতীয় সেনাই মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে আৰু এনে অত্যাচাৰৰ বিৰুদ্ধে থিয় দিব লাগে বুলি মহিলাসকলক প্ৰশিক্ষণ দিয়া হয়। ইয়াৰ দ্বাৰা মহিলাসকলৰ মনত লাহে লাহে ঘৃণা আৰু প্ৰতিশোধৰ ভাব জগাই তোলাৰ চেষ্টা কৰা হৈছে।
উল্লেখ্য যে, ইয়াৰ দ্বাৰা লস্কৰ-ই-তৈবাই মহিলা আৰু যুৱতীসকলক লক্ষ্য কৰি লৈছে। বহু সময়ত মহিলাসকলক অপ-প্ৰচাৰ, বাৰ্তা প্ৰেৰণ কৰা আদি কামত ব্যৱহাৰ কৰা হয়। এইবাৰ পুনৰ মহিলাক লৈ চলিছে নতুন ষড়যন্ত্ৰ। এইবাৰ শিক্ষা প্ৰদানৰ নামত মহিলাসকলক আন এক ভয়ংকৰ ভৱিষ্যতলৈ ঠেলি দিয়াৰ পৰিকল্পনা কৰিছে।
অন্য খবৰ পঢ়কঃ চলন্ত বাছত ভয়ংকৰ অগ্নিকাণ্ড! থিতাতে মৃত্যু প্ৰায় ২০ জনৰ, আছিল ৪০ গৰাকীকৈ যাত্ৰী…