পাকিস্তানী তাৰকাক পিছ পেলাই বিশ্ব অভিলেখ গঢ়িলে ৰোহিতে

23 Oct 2025

TV9 ASSAM

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত শৃংখলাৰ প্ৰথমখন মেচত ব্যৰ্থ হ’লেও এডিলেইডত অনুষ্ঠিত দ্বিতীয় মেচত আজি ৰোহিত শৰ্মাই এক সুন্দৰ অৰ্ধশতকীয় ইনিংছ খেলে।

ৰোহিত শৰ্মা

ভাৰতৰ হৈ ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহকাৰী ৰোহিতে ৯৭টা বলত ৭টা চাৰি আৰু ২টা ছয়েৰে ৭৩ ৰান কৰে। এইদৰে তেওঁ কেইবাটাও অভিলেখো গঢ়িবলৈ সক্ষম হয়।

অৰ্ধশতক

এডিলেইডত এয়া ৰোহিতৰ ব্যক্তিগত স্ক’ৰ। ইয়াৰ পূৰ্বে এই খেলপথাৰত ব্যক্তিগত স্ক’ৰ আছিল ৪৩ ৰান। এই ইনিংছৰ সময়ত তেওঁ কি কি অভিলেখ গঢ়িলে চাওক।

সৰ্বাধিক স্ক’ৰ

এদিনীয়া সৰ্বাধিকসংখ্যক মেচত (৭৮খন মেচ) দুটা বা তাতোধিক ছয় কোবোৱাৰ অভিলেখ গঢ়িছে ৰোহিতে। এইক্ষেত্ৰত তেওঁ অতিক্ৰম কৰে পাকিস্তানৰ শ্বাহিদ আফ্ৰিদীক (৭৭)।

ছয়ৰ অভিলেখ

আজি দুটা ছয় কোবোৱাৰ লগে লগে SENA দেশত (দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া) ১৫০টা ছয় কোবোৱা প্ৰথমজন এছিয়ান বেটাৰ হিচাপে পৰিগণিত হয় ৰোহিত।

SENA অভিলেখ

তদুপৰি অষ্ট্ৰেলিয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়াত এহেজাৰৰো অধিক ৰান সংগ্ৰহ কৰা প্ৰথমজন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় ৰোহিত শৰ্মা।

ভাৰতীয় অভিলেখ

পঢ়িবলৈ ক্লিক কৰক 

বাৰে বাৰে কাহ হৈ থকা কি ৰোগৰ লক্ষণ