দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ২২ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

আজি ২২ অক্টোবৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২২ অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
১৮৬৭ চনত কলম্বিয়াৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়।
১৮৭৫ চনত আৰ্জেণ্টিনাত প্ৰথম টেলিগ্ৰাফিক সংযোগ স্থাপন কৰা হয়।
১৮৮৩ চনত নিউয়ৰ্কত অপেৰা হাউচ উদ্বোধন কৰা হয়।
১৯৬২ চনত ভাৰতৰ সৰ্ববৃহৎ বহুমুখী নদী উপত্যকা প্ৰকল্প ভকৰা নংগল জাতিটোৰ বাবে উৎসৰ্গিত হয়।
১৯৬৪ চনত ফৰাচী দাৰ্শনিক আৰু সাহিত্যিক জিন পল ছাৰ্ট্ৰে নোবেল বঁটা নাকচ কৰে।
১৯৭৮ চনত টোষ্টমাষ্টাৰছ ক্লাব প্ৰতিষ্ঠা হয়।
১৯৩৬ চনত ছান হাউটেনে টেক্সাছ ৰিপাব্লিকৰ প্ৰথম ৰাষ্ট্ৰপতি হয়।
২০০৮ চনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান-১ সফলতাৰে উৎক্ষেপণ কৰে। এই অভিযানত চন্দ্ৰত পানীৰ উপস্থিতি ধৰা পৰিছিল।
২০১৬ চনত ক্ৰিকেটনিউজম’ৰ ডট কমৰ তথ্য অনুসৰি ভাৰতে কাবাডী বিশ্বকাপ ২০১৬ত জয়লাভ কৰি ভাৰতে একেৰাহে তৃতীয়বাৰৰ বাবে জয়লাভ কৰে।