23 OCT 2025
TV9 ASSAM
কাহ অহা এক সাধাৰণ কথা। যদি বাৰে বাৰে এই কাহ হয় আৰু দীৰ্ঘদিন ধৰি এই সমস্যা থাকে তেন্তে ই কিছুমান ৰোগৰ লক্ষণ হ'ব পাৰে। এই ক্ষেত্ৰত সাৱধান হোৱা ভাল।
বৰ্তমান সময়ত প্ৰদূষণ তীব্ৰগতিত বৃদ্ধি পাইছে। যাৰ বাবে ডিঙিত সমস্যা আহিব পাৰে বা এলাৰ্জীৰ সমস্যা হ'ব পাৰে। এনে ক্ষেত্ৰত বাৰে বাৰে কাহ আহি থাকিব পাৰে।
ডাঃ কমলজিত সিংহৰ মতে, বাৰে বাৰে কাহ আহি থকা, উশাহ নিশাহত কষ্ট হোৱা, বুকুত হেঁচা অনুভৱ কৰা, বুকুৰ পৰা মাত ওলোৱা আদি হাঁপানীৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে।
বাৰে বাৰে কাহ হোৱা টিবিৰ লক্ষণ হ'ব পাৰে। যি কাহ তিনি সপ্তাহতকৈ বেছি সময় থাকে তেন্তে ই টিবিৰ লক্ষণ হ'ব পাৰে। এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।
পেটৰ এচিডিটি যেতিয়া ডিঙিলৈ আহি পাই তেতিয়া জলা পোৰা আৰু বাৰে বাৰে কাহ হ'ব পাৰে। এনে কাহ সাধাৰণতে এদিন বা দুদিন পৰ্যন্ত থাকিব পাৰে।
যদি হাওঁফাওঁৰ সংক্ৰমণ হয় তেন্তে বাৰে বাৰে কাহ হ'ব পাৰে। দীৰ্ঘ সময়ত ধৰি এই কাহ হব পাৰে। ইয়াৰ লগতে কিছুমান অন্য লক্ষণেও দেখা দিব পাৰে।
কেতিয়াবা বেছি ঠাণ্ডা বা অন্য কাৰণতো কাহ হ'ব পাৰে। কিন্তু যদি কাহ বহু দিন ধৰি ভাল নহয় তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।
পঢ়িবলৈ ক্লিক কৰক