শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ১৭ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
দিনটোৰ ইতিহাস
manas-borah
Manas Borah | Updated On: 17 Oct 2025 10:01 AM

আজি ১৭ অক্টোবৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১৭ অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৪৫৬ চনত উত্তৰ ইউৰোপৰ দ্বিতীয় পুৰণি বিশ্ববিদ্যালয় গ্ৰেইছৱাল্ড বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয়।

১৮৮৮ চনত থমাছ এডিছনে বিশ্বৰ প্ৰথমখন ছবি বুলি গণ্য কৰা অপটিকেল ফ’ন’গ্ৰাফৰ পেটেণ্টৰ বাবে আবেদন কৰে।

১৯১২ চনত বুলগেৰিয়া, গ্ৰীচ আৰু ছাৰ্বিয়াই অট্টোমান সাম্ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।

১৯৩৩ চনত প্ৰখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন নাজী জাৰ্মানীৰ পৰা আমেৰিকালৈ পলায়ন কৰে।

১৯৪১ চনত দ্বিতীয় বিশ্বযুদ্ধত প্ৰথমবাৰৰ বাবে জাৰ্মান চাবমেৰিনে আমেৰিকাৰ এখন জাহাজ আক্ৰমণ কৰে।

১৯৭৯ চনত মাদাৰ টেৰেছাক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়।

২০০৩ চনত চীনে এছিয়াৰ প্ৰথমখন দেশ আৰু মহাকাশলৈ মানুহ পঠোৱা বিশ্বৰ তৃতীয় দেশ হিচাপে পৰিগণিত হৈ এক ঐতিহাসিক মাইলৰ খুঁটি অৰ্জন কৰে।

১৯৭০ চনত ভাৰতীয় ক্ৰিকেট দলৰ কিংবদন্তি স্পিন বলাৰ অনিল কুম্বলেৰ জন্ম হয়।

১৯৯৮ চনত ভাৰতৰ পাঁচখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা লল্লন প্ৰসাদ সিঙৰ মৃত্যু হয়।