শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ১৪ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
দিনটোৰ ইতিহাস
manas-borah
Manas Borah | Published: 14 Oct 2025 07:00 AM

আজি ১৪ অক্টোবৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১৪ অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

আজিৰ দিনটো অসমৰ বাবে বিশেষ

১৮৬৪ চনৰ ১৪ অক্টোবৰত আহঁতগুৰিত অসমীয়া সাহিত্যৰ অন্যতম বিশিষ্ট ব্যক্তি লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম। তেওঁ আছিল আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়নৰ উপৰি কবিতা, নাটক আৰু সাংবাদ ক্ষেত্ৰলৈ অমূল্য অৱদান আগবঢ়াই গৈছে লক্ষ্মীনাথ বেজবৰুৱাই।

১৯৮৫ চনৰ ১৪ অক্টোবৰত গোলাঘাট অধিৱেশনত আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে (অগপ) আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা লাভ কৰে। ১৯৮৫ চনৰ ঐতিহাসিক অসম চুক্তিৰ পিছতে গঠন হোৱা অগপই ১৯৮৫ চনৰ ১৩ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ গোলাঘাটত অনুষ্ঠিত হোৱা গোলাঘাট অধিৱেশনৰ আনুষ্ঠানিকভাৱে ৰাজনৈতি যাত্ৰা আৰম্ভ কৰে।

দেশ আৰু বিশ্বৰ ইতিহাস

১০৬৬ চনত উইলিয়ামৰ নেতৃত্বত নৰ্মান সেনাই হেষ্টিংছ যুদ্ধত ইংলেণ্ডক পৰাস্ত কৰি ইংলেণ্ডৰ ৰজা দ্বিতীয় হেৰল্ডক হত্যা কৰে।

১৮৮২ চনত পঞ্জাৱ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয়। কলিকতা, বম্বে, মাদ্ৰাজৰ পিছত ভাৰতৰ চতুৰ্থখন বিশ্ববিদ্যালয় আছিল পঞ্জাৱ বিশ্ববিদ্যালয়।

১৯৩৩ চনত নাজী জাৰ্মানীয়ে লীগ অৱ নেচনৰ পৰা আঁতৰি যায়।

১৯৫৬ চনত ড° ভীমৰাও আম্বেদকাৰে তেওঁৰ ৫ লাখৰো অধিক অনুগামীৰ সৈতে হিন্দু ধৰ্ম এৰি নাগপুৰত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে।

১৯৬৪ চনত মাৰ্টিন লুথাৰ কিং জুনিয়ৰে অহিংসাৰ নীতি মানি চলি বৰ্ণবৈষম্যৰ বিৰুদ্ধে সংগ্ৰামৰ বাবে শান্তিৰ নোবেল বঁটা লাভ কৰে।

১৯৯৪ চনত পেলেষ্টাইনী নেতা ইয়াছেৰ আৰাফাত, ইজৰাইলৰ প্ৰধানমন্ত্ৰী য়িজাক ৰাবিন আৰু বৈদেশিক মন্ত্ৰী শ্বিমন পেৰেছক যৌথভাৱে শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়।