দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ১২ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

আজি ১২ অক্টোবৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১২ অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
১৪৯২ চনত ক্রিষ্টোফাৰ কলম্বাছ যাত্ৰাৰ সময়ত বাহামাৰ ৱাটলিং দ্বীপত (যিটো তেওঁ ভাৰতৰ উপকূলৰ অংশ বুলি বিশ্বাস কৰিছিল) অৱতৰণ কৰে।
১৮৬০ চনত ব্ৰিটিছ আৰু ফৰাচী বাহিনীয়ে চীনৰ ৰাজধানী বেইজিং দখল কৰে।
১৯০১ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি থিয়ডৰ ৰুজভেল্টে ৰাষ্ট্ৰপতি ভৱনৰ নাম ‘এক্সিকিউটিভ মেনচন’ৰ পৰা ‘হোৱাইট হাউছ’লৈ সলনি কৰে।
১৯৯৯ চনত জেনেৰেল পাৰভেজ মুশ্বাৰফে অভ্যুত্থানেৰে পাকিস্তানৰ ক্ষমতা দখল কৰে।
২০০০ চনত ফ্ল’ৰিডাৰ পৰা মহাকাশযান ডিস্কভাৰী মহাকাশলৈ উৎক্ষেপণ কৰা হয়।
২০১১ চনত ভাৰত আৰু ফ্ৰান্সৰ যৌথ উদ্যোগত ভাৰতে ফ্ৰান্সৰ সহযোগত মেঘা ট্ৰপিকছ নামৰ উপগ্ৰহ এটা সফলতাৰে উৎক্ষেপণ কৰে।
২০০১ চনত ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ সচিব প্ৰধান কফি আন্নানক যৌথভাৱে শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়।