13 OCT 2025
TV9 ASSAM
প্ৰ'টিন আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয়। ই শৰীৰৰ বৃদ্ধি, মেৰামতি আদি কাম কৰে। আমিষ আৰু নিৰামিষ দুয়োবিধ খাদ্যৰ পৰা প্ৰ'টিন লাভ কৰা যায়।
কিন্তু কেতিয়াবা শৰীৰত প্ৰ'টিনৰ অভাৱ হয়। যাৰ লক্ষণ দেখা দিয়ে। এই সন্দৰ্ভত জনাইছে চিকিৎসক ডাঃ সৌৰভ চেঠীয়ে। তেওঁ মতে কিছুমান লক্ষণে আপোনাৰ শৰীৰৰ সমস্যাৰ ইংগিত দিব পাৰে।
প্ৰ'টিনৰ অভাৱৰ ফলত ব্লাড চুগাৰৰ পৰিমাণ হ্ৰাস পাব পাৰে। যাৰ বাবে অধিক মিঠা খোৱাৰ ইচ্ছা জাগিব পাৰে। গতিকে বাৰে বাৰে এনে অনুভৱ হোৱা প্ৰ'টিনৰ অভাৱৰ লক্ষণ হ'ব পাৰে।
যদি শৰীৰে পৰ্যাপ্ত পৰিমাণৰ প্ৰ'টিন লাভ নকৰে তেন্তে দিনটো ভাগৰ অনুভ হ'ব পাৰে। জিৰণি লোৱাৰ পাছতে আপোনাৰ ভাগৰ ভাগৰ অনুভৱ হৈ থাকিব পাৰে।
প্ৰটিনৰ অভাৱ হ'লে বাৰে বাৰে চৰ্দি, জ্বৰ আদি হ'ব পাৰে। প্ৰ'টিনৰ অভাৱত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে। যাৰ বাবে বাৰে বাৰে বেমাৰত পৰা দেখা যায়।
চুলি আৰু নখ দুৰ্বল হোৱা প্ৰ'টিনৰ অভাৱৰ লক্ষণ হ'ব পাৰে। এনে সময়চোৱাত চুলি দুৰ্বল হৈ সৰিব পাৰে। লগতে নখবোৰ দুৰ্বল হৈ ভাঙিব পাৰে। কেতিয়াবা অন্য সমস্যা দেখা দিয়ে।
প্ৰ'টিন ছেৰোটোনিন আৰু ডেপামাইনৰ দৰে নিউৰোট্ৰান্সমিটাৰ উৎপাদনৰ বাবে অতি প্ৰয়োজনীয়। যাৰ বাবে মুড পৰিৱৰ্তন হ'ব পাৰে। ইয়াৰ বাবে খং, মন বেয়া আদি লাগিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক