শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ভিচেৰা পৰীক্ষা কি? জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত কিদৰে সহায় কৰিব ভিচেৰা ৰিপোৰ্টে? চাওক সবিশেষ

ভিচেৰা পৰীক্ষা কি? জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত কিদৰে সহায় কৰিব ভিচেৰা ৰিপোৰ্টে? চাওক সবিশেষ

Raj Saikia
Raj Saikia | Updated On: 13 Oct 2025 15:19 PM

জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত ভিচেৰা ৰিপোৰ্টে কি কি তথ্য পোহৰলৈ আনিব পাৰে? এই সম্পৰ্কে কিছু তথ্য অৱগত কৰিছে জ্যেষ্ঠ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰে।

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ ৰহস্যৰ ওৰ পৰা নাই। ইতিমধ্যে তিনিটা পৰীক্ষা সম্পন্ন কৰা হ’ল জুবিন গাৰ্গৰ মৃতদেহৰ। এতিয়া ভিচেৰা ৰিপোৰ্ট আহিল। ছিংগাপুৰতো কৰা হৈছিল মৰণোত্তৰ পৰীক্ষা। কিন্তু ভিচেৰা ৰিপোৰ্ট কি? ভিচেৰা ৰিপোৰ্ট কিয় দৰকাৰ? এনে কেতবোৰ প্ৰশ্নই মানুহৰ মনত দোলা দি আছে।

জ্যেষ্ঠ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰে প্ৰকাশ কৰা মতে, ভিচেৰা ৰিপোৰ্টত মানুহৰ দেহৰ কেতবোৰ আভ্যন্তৰীণ অংগৰ পৰীক্ষা কৰা হয়, যাতে কোনো ব্যক্তিৰ ৰহস্যজনক মৃত্যুৰ তথ্য ধৰা পেলাব পাৰি। জুবিন গাৰ্গৰ প্ৰথম মৰণোত্তৰ পৰীক্ষাত পানীত ডুবি মৃত্যু হোৱা বুলি কোৱা হৈছিল। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ যিটো প্ৰথম লেবৰেটৰী টেষ্ট তাৰ প্ৰতিবেদন প্ৰকাশ কৰা নাই। ছিংগাপুৰৰ ৰিপোৰ্টটোৰ গুৰুত্ব অতি বেছি। খুব বেছি ২৮ দিনৰ ভিতৰত তেওঁলোকে এই পৰীক্ষা কৰে।

পানীত ডুবি মৃত্যু হোৱাৰ ক্ষেত্ৰত প্ৰথম ৰিপোৰ্টটো অত্যন্ত গুৰুত্বপূৰ্ণ। জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত ভিচেৰা ৰিপোৰ্টে কি কি তথ্য পোহৰলৈ আনিব পাৰে? এই সম্পৰ্কে কিছু তথ্য অৱগত কৰিছে জ্যেষ্ঠ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰে।