শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning news: ৰাজ্যৰ চতুৰ্থ বৰ্গৰ পদৰ ফলাফল ঘোষণাৰ পৰা ট্ৰাম্পৰ প্ৰশংসালৈ, পুৱাৰ খবৰ…

Morning News: অহা ১৫ অক্টোবৰত ঘোষণা হ'ব চতুৰ্থ বৰ্গৰ ফলাফল। মুখমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰে। কিছুদিন পূৰ্বে ঘোষণা হৈছিল তৃতীয় বৰ্গৰ ফলাফল।

Morning news: ৰাজ্যৰ চতুৰ্থ বৰ্গৰ পদৰ ফলাফল ঘোষণাৰ পৰা ট্ৰাম্পৰ প্ৰশংসালৈ, পুৱাৰ খবৰ…
পুৱাৰ খবৰ
barasha-sarma
Barasha Sarma | Published: 14 Oct 2025 07:29 AM

আজি ১৪ অক্টোবৰ, মঙলবাৰ। প্ৰতিটো দিনেই দেশ-বিদেশৰ বহু স্থানত বহু ঘটনা সংঘটিত হয়। কিন্তু প্ৰতিটো দিশৰ ওপৰত খবৰ ৰখা কাৰো বাবে সম্ভৱ নহয়। গতিকে এই লেখাটোত কেইটামান বিশেষ খবৰ উল্লেখ কৰা হ’ল-

  1. অসমৰ স্বাস্থ্য সেৱা খণ্ডটোলৈ অসম চৰকাৰৰ মুঠ ৪,২৮৭ কোটি টকাৰ অনুমোদন। চিকিৎসালয়ৰ গুৰুত্বপূৰ্ণ উন্নীতকৰণৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ অধীনত অত্যাধুনিক সা-সুবিধাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালক সম্পূৰ্ণৰূপে পুনৰ্নিৰ্মাণ কৰা হ’ব।
  2. অহা ১৫ অক্টোবৰৰ পুৱা ১১ বজাত ঘোষণা কৰা হ’ব ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ পদৰ ফলাফল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ যোগেদি এই কথা ঘোষণা কৰে। উল্লেখ্য যে, কিছুদিন পূৰ্বে ঘোষণা হৈছিল তৃতীয় বৰ্গৰ ফলাফল।
  3. জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ফেক্টৰী ছীল এছ আই টিৰ। ছয়গাঁৱৰ জামবাৰীত আছে সিদ্ধাৰ্থ শৰ্মাৰ পানীৰ ফেক্টৰী। ৮ ঘন্টা ধৰি চলা অভিযানৰ অন্তত ছীল কৰে ফেক্টৰীটো। উল্লেখ্য যে, জুবিন গাৰ্গৰ হত্যাৰ গোচৰত বৰ্তমান জেলত আছে সিদ্ধাৰ্থ শৰ্মা।
  4. দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব মংগোলিয়াৰ ৰাষ্ট্ৰপতি উখনাই। ইয়াৰ পূৰ্বে তেওঁ পুৱা ৰাজঘাটত মহাত্মা গান্ধীৰ স্মৃতিসৌধত মাল্যাৰ্পণ কৰিব।
  5. সোমবাৰে সন্ধিয়া উত্তৰ কাশ্মীৰৰ কুপৱাৰা ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ কাষত সন্দেহজনক গতিবিধি লক্ষ্য কৰি  নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰে। অৱশ্যে এতিয়ালৈকে হতাহতিৰ কোনো খবৰ পোহৰলৈ অহা নাই।
  6. ভাৰতক মহান দেশ আখ্যা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। লগতে নৰেন্দ্ৰ মোদীক তেওঁ ভাল বন্ধু বুলি কয়। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ আগত তেওঁ এই মন্তব্য কৰে।
  7. সোমবাৰে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে অংশগ্ৰহণ কৰে ইজিপ্তৰ শ্বাৰম এল শ্বেখত অনুষ্ঠিত শান্তি সন্মিলনত। ভাৰতে মধ্যপ্ৰাচ্যত শান্তি আলোচনা আৰু কূটনীতিৰ জৰিয়তে সমস্যা সমাধানৰ সমৰ্থন কৰে। লগতে ভাৰতে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ গাজা শান্তি পৰিকল্পনাক সমৰ্থন কৰে।

 

অন্য খবৰ পঢ়কঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত ভাৰত আৰু মোদীৰ প্ৰশংসা! কি ক’লে ট্ৰাম্পে…