শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
নাম-নম্বৰ গোপনে ৰাখি WhatsAppত কৰিব পাৰিব মেছেজ, কেনেকৈ?

নাম-নম্বৰ গোপনে ৰাখি WhatsAppত কৰিব পাৰিব মেছেজ, কেনেকৈ?

trishna-kalita
Trishna Kalita | Published: 13 Oct 2025 19:08 PM

হোৱাটছএপৰ এই নতুন বৈশিষ্ট্যৰ নাম ‘Username’। আৰু যদি সেই বৈশিষ্ট্য অন থাকে তেন্তে কোনো অচিনাকি মানুহৰ নাম বা নম্বৰ দেখা নাপাব।  ইয়াতকৈ বেছি গুৰুত্বপূৰ্ণ কথাটো হ’ল যদি কোনো ৱেবছাইট বা কোনো বাহ্যিক প্লেটফৰ্মৰ পৰা কোনো বাৰ্তা আহে, য’ত WWW লিখা থাকে, তেন্তে WhatsApp এ স্বয়ংক্ৰিয়ভাৱে সেই বাৰ্তাটো ব্লক কৰি দিব।

এতিয়া হোৱাটছএপত এনে এটা ফিচাৰ আহিব যাৰ জৰিয়তে আপোনাৰ নাম আৰু নম্বৰ প্ৰকাশ নকৰাকৈ আপোনজনৰ সৈতে ব্যক্তিগতভাৱে মেছেজ কৰিব পাৰিব। ছিলিকন ভেলীৰ টেক জায়ান্ট মেটাত হোৱাটছএপৰ বিটা ভাৰ্চনত ইয়াৰ পৰীক্ষা চলি আছে। যদি সকলো ঠিকে থাকে তেন্তে এই বছৰ ব্যৱহাৰকাৰীৰ বাবে পূৰ্বতকৈ অধিক বৃদ্ধি কৰা হ’ব নিৰাপত্তা। সূত্ৰই জনোৱা মতে, হোৱাটছএপৰ প্ৰফাইল চেটিঙত নতুন বিকল্প থাকিব। যাক কোৱা হ’ব ‘ৰিজাৰ্ভ ইউজাৰ’। আৰু সেই বিকল্পটো সক্ৰিয় হ’লে ব্যৱহাৰকাৰীৰ নাম আৰু মোবাইল নম্বৰ আনৰ পৰা সম্পূৰ্ণৰূপে লুকুৱাই ৰখা হ’ব।