দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ১১ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

আজি ১১ অক্টোবৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১১অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
১৯০২ চনত ভাৰতীয় স্বাধীনতা সংগ্ৰামী তথা সমাজবাদী নেতা লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জন্ম হয়।
১৯১১ চনত চীনত ৱাচাং বিদ্ৰোহ আৰম্ভ হয়, ইয়াৰ ফলত কিং বংশৰ অন্ত পৰাৰ লগতে চীন গণৰাজ্য প্ৰতিষ্ঠাৰ ভেটি স্থাপন হয়।
১৯৪২ চনত হিন্দী চিনেমাৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনৰ জন্ম হয়।
১৯৮৭ চনত শ্ৰীলংকাত ভাৰতীয় শান্তিৰক্ষী বাহিনীয়ে জাফনাক মুক্তিৰ বাবে ‘অপাৰেচন পৱন’ আৰম্ভ কৰে, যিটো লিবাৰেচন টাইগাৰছ অৱ তামিল ইলাম (LTTE)ৰ হাতত আছিল।
২০০১ চনত ভাৰতত জন্মগ্ৰহণ কৰা ব্ৰিটিছ লেখক ভি এছ নাইপলে সাহিত্যৰ নোবেল বঁটাৰ বাবে নিৰ্বাচিত হয়।
২০১২ চনত ৰাষ্ট্ৰসংঘই ছোৱালীৰ অধিকাৰৰ প্ৰসাৰৰ লক্ষ্যৰে ‘আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস’ পালন কৰিবলৈ আৰম্ভ কৰে।
২০০৭ চনত ব্ৰিটিছ ঔপন্যাসিক ড’ৰিছ লেছিঙে সাহিত্যৰ নোবেল বঁটা লাভ কৰে।