ছাল ধুনীয়া কৰি ৰখাৰ ঘৰুৱা উপায়...

13  OCT 2025

TV9 ASSAM

সকলোৱে বিচাৰে এখন ধুনীয়া আৰু সুন্দৰ ছাল। যাৰ বাবে মানুহে বিভিন্ন ধৰণৰ প্ৰডাক্ট ব্যৱহাৰ কৰে। কেতিয়াবা কিছুমান প্ৰডাক্টৰ বাবে ছালত বেয়া প্ৰভাৱ পৰাও দেখা যায়।

ছাল

কিন্তু কিছুমান ঘৰুৱা উপায় আছে যাৰ দ্বাৰা আপুনি ছালখন সুস্থ কৰি ৰাখিব পাৰে। বিশেষ পানীয়ই আপোনাৰ ছালখন উজ্বল আৰু সুন্দৰ কৰি তুলিব পাৰে।

ঘৰুৱা উপায়

গাজৰ আৰু বীট শৰীৰৰ বাবে ভাল। ইয়াৰ বাবে আপুনি গাজৰ আৰু বীট কাটি লওক। পাছত তাত অলপ আদা মিহলাই পেষ্ট বনাই লওক। পাছত তাৰ পৰা ৰস উলিয়াই তাত নেমু মিহলি কৰি খাব।

গাজৰ,বীট

আপুনি ২ চামুচ এলোভেৰা জেল উলিয়াই লওক। পাছত ১ গিলাচ পানীত মৌৰ সৈতে মিহলাই খাওক। পুৱা খালী পেটত খাব পাৰে। ইয়াত ভিটামিন চি আৰু মিনাৰেলছ থাকে। যিয়ে ছালক উজ্বল কৰি তোলে।

এলোভেৰা

নাৰিকল পানীয়ে ছালক উজ্বল আৰু সুস্থ কৰি ৰখাত সহায় কৰে। ই ছালক হাইড্ৰেট কৰিও ৰাখে। গতিকে আপুনি পুৱা খালী পেটত নাৰিকল পানী খাব পাৰে।

নাৰিকল

তিঁয়হ ছালৰ বাবে ভাল। ই ছালক হাইড্ৰেট আৰু উজ্বল কৰে। গতিকে আপুনি তিঁয়হৰ ৰস উলিয়াই তাত পদিনা আৰু নেমু ৰস মিহলাই সেয়া খাব পাৰে। ইয়াৰ ফলত শৰীৰৰ বেয়া পদাৰ্থ বাহিৰ হয় আৰু ছাল উজ্বল হয়।

তিঁয়হ

ডালিমত এন্টি এজিং গুণ থাকে। আপুনি ডালিম উলিয়াই ৰস উলিয়াই সেয়া খাব পাৰে। ই ছালক উজ্বল কৰি ৰাখে। লগতে ছালত বয়সৰ প্ৰভাৱ পৰিব নিদিয়ে।

ডালিম

পঢ়িবলৈ ক্লিক কৰক

প্ৰ'টিনৰ অভাৱৰ লক্ষণ