ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…
আজিৰ দিনটোতে ভাৰতৰ মহান স্বাধীনতা সংগ্ৰামী দাদাভাই নাওৰজীৰ মৃত্যু হয়। আজিৰ দিনটোতে এণ্টৱাৰ্পত ফেচিবাদৰ বিৰুদ্ধে ৫০ হাজাৰ লোকে বিক্ষোভ কৰে। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা।

দিনটোৰ ইতিহাসImage Credit source: GettyImage
বহু ঘটনা পৰিঘটনাৰ বাবে আজি ৩০ জুনৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোতে ভাৰতৰ মহান স্বাধীনতা সংগ্ৰামী দাদাভাই নাওৰজীৰ মৃত্যু হয়। আজিৰ দিনটোতে এণ্টৱাৰ্পত ফেচিবাদৰ বিৰুদ্ধে ৫০ হাজাৰ লোকে বিক্ষোভ কৰে। আমেৰিকাই কিউবাৰ পৰা চেনি আমদানি বন্ধ কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা।
দিনটোৰ ইতিহাস
- ১৯১৪ চনত মহান স্বাধীনতা সংগ্ৰামী দাদাভাই নাওৰজীৰ মৃত্যু হয়।
- ১৯৩৩ চনত এণ্টৱাৰ্পত ফেচিবাদৰ বিৰুদ্ধে ৫০ হাজাৰ লোকে বিক্ষোভ কৰে।
- ১৯৩৪ চনত জাৰ্মান একনায়কত্ববাদী এডলফ হিটলাৰে তেওঁৰ নেচনেল ছ’চিয়েলিষ্ট পাৰ্টিৰ বিৰোধীসকলক নিঃশেষ কৰি পেলায়।
- ১৯৩৮ চনত শিশুৰ প্ৰিয় কাৰ্টুন ছুপাৰমেন প্ৰথমবাৰৰ বাবে কমিকছত দেখা দিয়ে।
- ১৯৪৭ চনত ভাৰত বিভাজন ঘোষণাৰ পিছত বংগ আৰু পঞ্জাৱৰ সীমা আয়োগৰ সদস্যৰ ঘোষণা।
- ১৯৬০ চনত আমেৰিকাই কিউবাৰ পৰা চেনি আমদানি বন্ধ কৰাৰ সিদ্ধান্ত লয়।
- ১৯৬২ চনত ৰুৱাণ্ডা আৰু বুৰুণ্ডি স্বাধীন হয়।
- ১৯৯০ চনত পূব আৰু পশ্চিম জাৰ্মানীৰ একত্ৰীকৰণ।
- ১৯৯৭ চনত হংকঙত ব্ৰিটিছ শাসনৰ অন্ত পৰে।
- ২০০৫ চনত স্পেইনে সমকামী বিবাহক বৈধতা প্ৰদান কৰে।