ঠাণ্ডা দিনতো আপোনাৰ ঘাম ওলায় নেকি? সাৱধান! প্ৰেচাৰ বাদেই, হ’ব পাৰে এনে ভয়ংকৰ সমস্যা
তীব্ৰ গৰম আৰু সূৰ্যৰ প্ৰখৰ তাপৰ ফলত এতিয়া দেহ ঘৰ্মাক্ত হৈ পৰাটো নিতান্তই স্বাভাৱিক। পিছে কেতিয়াবা কোনো ব্যক্তিৰ দেহৰ পৰা বতৰ বা ঋতু নিৰ্বিশেষে ঘাম ওলোৱা দেখা যাব পাৰে। এনে হ’লে সাধাৰণ প্ৰক্ৰিয়া বুলি উলাই কৰা উচিত নহয়। বহু সময়ত দেহৰ পৰা এইদৰে গৰম-ঠাণ্ডা সকলো সময়তে ঘাম ওলোৱাটো কোনো ৰোগৰো ইংগিত হ’ব পাৰে।

দেহৰ পৰা ঘাম ওলোৱাটো এক স্বাভাৱিক শাৰীৰিক প্ৰতিক্ৰিয়া। এই প্ৰক্ৰিয়াই উষ্ণতা নিয়ন্ত্ৰণ কৰি শৰীৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে। এতিয়া গ্ৰীষ্মৰ বতৰ। তীব্ৰ গৰম আৰু সূৰ্যৰ প্ৰখৰ তাপৰ ফলত এতিয়া দেহ ঘৰ্মাক্ত হৈ পৰাটো নিতান্তই স্বাভাৱিক। পিছে কেতিয়াবা কোনো ব্যক্তিৰ দেহৰ পৰা বতৰ বা ঋতু নিৰ্বিশেষে ঘাম ওলোৱা দেখা যাব পাৰে। গৰম দিন বাদেই, ঠাণ্ডা দিনতো কিছু লোক ঘামিব পাৰে। এনে হ’লে সাধাৰণ প্ৰক্ৰিয়া বুলি উলাই কৰা উচিত নহয়।
বহু সময়ত দেহৰ পৰা এইদৰে গৰম-ঠাণ্ডা সকলো সময়তে ঘাম ওলোৱাটো কোনো ৰোগৰো ইংগিত হ’ব পাৰে। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক হাইপাৰহাইড্ৰ’ছিছ বুলি কোৱা হয়। ইয়াৰ কাৰণ কি হ’ব পাৰে, জানো আহক-
থাইৰয়ডৰ সমস্যা (হাইপাৰথাইৰয়ডিজম)
যেতিয়া থাইৰয়ড গ্ৰন্থিয়ে অতিৰিক্ত হৰম’ন উৎপন্ন কৰে, তেতিয়া শৰীৰৰ বিপাকীয় হাৰ বৃদ্ধি পায় আৰু ইয়াৰ ফলত ঘাম বাঢ়ি যায়। ইয়াৰ লগে লগে ওজন কমি যোৱা, টোপনিৰ সমস্যা, হৃদস্পন্দন বৃদ্ধি হ’ব পাৰে।
ডায়েবেটিছ
যদি আপুনি ডায়েবেটিছ ৰোগত আক্ৰান্ত আৰু আপোনাৰ দেহত তেজৰ চেনিৰ পৰিমাণ হ্ৰাস পায় (হাইপ’গ্লাইচেমিয়া), তেতিয়া শৰীৰে অত্যধিক ঘামচি উলিয়াই এই সমস্যাৰ সংকেত দিয়ে। মূৰ ঘূৰোৱা, দুৰ্বলতা আৰু টোপনি অহা আদি একেলগে হ’ব পাৰে।
সংক্ৰমণ বা জ্বৰৰ দৰে সমস্যা
শৰীৰত যদি কোনো ভাইৰাছৰ সংক্ৰমণ (যেনে যক্ষ্মা বা HIV) হয়, তেতিয়া বিশেষকৈ নিশা দেহৰ পৰা অধিক পৰিমাণে ঘাম ওলায়।
স্নায়ুৰ সমস্যা
যদি স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰই সঠিকভাৱে কাম নকৰে, তেতিয়া ঘাম নিয়ন্ত্ৰণৰ সমস্যা হয়। এয়া ডায়েবেটিক নিউৰ’পেথী বা পাৰ্কিনছন ৰোগৰ অংশ হ’ব পাৰে।
ৰজোনিবৃত্তি বা হৰম’নৰ পৰিৱৰ্তন
মহিলাৰ ক্ষেত্ৰত ৰজোনিবৃত্তিৰ সময়ত হৰম’নজনিত কাৰণত দেহৰ পৰা সময় নিৰ্বিশেষে ঘাম ওলাব পাৰে।
কিছুমান ঔষধৰ প্ৰতিক্ৰিয়া
এণ্টিডিপ্ৰেছন, ষ্টেৰইড, হৰম’ন থেৰাপী, বা বিষনাশক ঔষধৰ বাবেও দেহৰ পৰা অধিক পৰিমাণে ঘাম ওলাব পাৰে।
টিউমাৰ বা কেঞ্চাৰ
বিশেষকৈ ৰাতি অত্যধিক ঘাম ওলোৱাটো কিছুমান বিশেষ ধৰণৰ কেঞ্চাৰৰ (যেনে লিম্ফ’মা) আগতীয়া লক্ষণ হ’ব পাৰে।
সঘনাই আৰু অত্যধিক ঘাম ওলোৱাটো কেৱল গৰম অনুভৱ কৰাৰ ফল নহয়। ই এক গুৰুতৰ শাৰীৰিক সমস্যাৰো লক্ষণ হ’ব পাৰে। গতিকে এনে লক্ষণে দেখা দিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।