ঘোষণা হ’ল এই চৰকাৰী চাকৰিৰ যোগ্যতা পৰীক্ষাৰ তাৰিখ, প্ৰস্তুতি চলাই আছে যদি চাওক এতিয়াই
অহা বৰ্ষৰ ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব এই যোগ্যতা পৰীক্ষা। এই সন্দৰ্ভত ২৪ অক্টোবৰত CBSE- এ এক অধিসূচনা জাৰি কৰে। এই পৰীক্ষাৰ বাবে আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ’ব, সেয়া জানিবলৈ স্বাভাৱিকতেই আগ্ৰহী ইচ্ছুক প্ৰাৰ্থীসকল।
কেন্দ্ৰীয় শিক্ষক যোগ্যতা পৰীক্ষা (CTET)ৰ বাবে প্ৰস্তুতি চলাই থকা প্ৰাৰ্থীসকলৰ বাবে এক অত্যন্ত প্ৰয়োজনীয় খবৰ। ঘোষণা কৰা হৈছে এই পৰীক্ষাৰ তাৰিখ। শুকুৰবাৰে নিশা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে পৰৱৰ্তী CTET ২০২৫ৰ ডিচেম্বৰ পৰীক্ষাৰ বাবে তাৰিখ ঘোষণা কৰিছে। এতিয়া অহা বৰ্ষৰ ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব এই শিক্ষক যোগ্যতা পৰীক্ষা। এই সন্দৰ্ভত ২৪ অক্টোবৰত CBSE- এ এক অধিসূচনা জাৰি কৰে। এই পৰীক্ষাৰ বাবে আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ’ব, সেয়া জানিবলৈ স্বাভাৱিকতেই আগ্ৰহী ইচ্ছুক প্ৰাৰ্থীসকল।
দেশৰ ১৩২খন চহৰত হ’ব পৰীক্ষা
অহা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া CTETৰ ২১ সংখ্যক সংস্কৰণ সন্দৰ্ভত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে এক অধিসূচনা জাৰি কৰিছে। CBSE- এ জাৰি কৰা এই অধিসূচনা অনুসৰি দেশৰ ১৩২খন চহৰত ২০টা ভাষাত আগন্তুক এই CTET পৰীক্ষা অনুষ্ঠিত হ’ব। অধিসূচনা অনুসৰি ২০২৬ চনৰ ৮ ফেব্ৰুৱাৰী, দেওবাৰে CTET পেপাৰ ১ আৰু পেপাৰ ২ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।
অনলাইন আবেদন
CBSE- এ জাৰি কৰা এক অধিসূচনা অনুসৰি CTET ২০২৬ৰ বাবে প্ৰাৰ্থীসকলে অনলাইন যোগে আবেদন দাখিল কৰিব লাগিব। প্ৰাৰ্থীসকলে CTETৰ অফিচিয়েল ৱেবছাইট ctet.nic.in ত গৈ অনলাইন আবেদন কৰিব পাৰিব। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে উল্লেখ কৰা মতে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সুকীয়া অধিসূচনা জাৰি কৰা হ’ব।
এই অধিসূচনাৰ জৰিয়তে পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ পাঠ্যক্ৰম, ভাষা, যোগ্যতাৰ মাপকাঠী, পৰীক্ষাৰ মাচুল, পৰীক্ষাৰ চহৰ আদি বিভিন্ন তথ্যৰ বিষয়ে জানিব পাৰিব। পৰৱৰ্তী এই অধিসূচনা CTET- ৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হ’ব বুলিও CBSE- এ উল্লেখ কৰিছে।
CTETৰ ক্ষেত্ৰত দেখা যাব নেকি পৰিৱৰ্তন
ইয়াৰ পূৰ্বে CBSE- এ বিগত বৰ্ষৰ ১৪ ডিচেম্বৰত CTET অনুষ্ঠিত কৰিছিল আৰু ৯ জানুৱাৰীত ফলাফল প্ৰকাশ পাইছিল। পৰৱৰ্তী সময়ত জুন মাহৰ CTET অনুষ্ঠিত হোৱা নাছিল। এতিয়া ডিচেম্বৰ মাহৰ CTET ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
অৰ্থাৎ ২০২৫ চনত মাত্ৰ এবাৰহে CTET অনুষ্ঠিত হ’ব। লক্ষণীয়ভাৱে পূৰ্বে বছৰত দুবাৰ, ক্ৰমে জুন আৰু ডিচেম্বৰ মাহত CTET অনুষ্ঠিত হৈছিল। এতিয়া পৰীক্ষাৰ সূচী প্ৰকাশৰ পিছত CBSE- এ বছৰত মাত্ৰ এবাৰকৈ CTET অনুষ্ঠিত কৰাৰ বাবে পৰিকল্পনা কৰিছে নেকি, সেই লৈ চৰ্চা পৰিলক্ষিত হৈছে।