অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৯ উইকেটত বৃহৎ জয় টিম ইণ্ডিয়াৰ
টিম ইণ্ডিয়াই ৬৯টা বল বাকী থকা অৱস্থাত অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত কৰে। এই খেলখনত ৰোহিত শৰ্মাই শতক অৰ্জন কৰে।
তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ অন্তিমখন খেলত টিম ইণ্ডিয়াই ৬৯টা বল বাকী থকা অৱস্থাত অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত কৰে। এই খেলখনত ৰোহিত শৰ্মাই শতক অৰ্জন কৰে। তেওঁ ১২৫টা বলত অপৰাজিত ১২১ ৰান সংগ্ৰহ কৰি ১৩টা চাৰি আৰু ৩টা ছয় মাৰিবলৈ সক্ষম হয়। বিৰাট কোহলীয়ে ৮১টা বলত অপৰাজিত ৭৪ ৰান সংগ্ৰহ কৰে, য’ত ৭টা চাৰি মাৰিবলৈ সক্ষম হয়। আউট হোৱাৰ পূৰ্বে অধিনায়ক শুভমন গিলে ২৬টা বলত ২৪ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াই ৪৬.৪ অভাৰত ২৩৬ ৰান সংগ্ৰহ কৰি অল আউট হয়।
এই খেলখনত ৰোহিত শৰ্মাই আৰু বিৰাট কোহলীয়ে ১৬৯ ৰানৰ অংশীদাৰিত্বৰে টিম ইণ্ডিয়াক জয়ৰ দিশে লৈ যায়। উল্লেখ্য যে, এই শৃংখলাটোত জয়ী হৈছে ঘৰুৱা দল অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াই শৃংখলাটোৰ প্ৰথম দুখন মেচত জয়ী হোৱাৰ বিপৰীতে অন্তিমখন এদিনীয়া মেচত জয়ী হয় টিম ইণ্ডিয়া।
এই দুজন বেটছমেনে শুভমন গিলৰ আউটৰ পিছত অষ্ট্ৰেলিয়াৰ বলাৰক প্ৰেচাৰত ৰাখি মাত্ৰ ৩৮.৩ অভাৰতে দলটোক ৯ উইকেটৰ ডাঙৰ জয়ৰ দিশত আগুৱাই লৈ যায়।
ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ পিছত ৪৬.৪ অভাৰত ২৩৬ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল। অষ্ট্ৰেলিয়াৰ হৈ মেথিউ ৰেনশ্ব’ৱে ৫৮টা বলত ৫৬ ৰান সংগ্ৰহ কৰি সৰ্বাধিক ৰান সংগ্ৰহ কৰে।
অধিনায়ক মিচেল মাৰ্ছে ৫ টা চাৰি আৰু এটা ছয়েৰে ৫০ টা বলত ৪১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। মেথিউ শ্বৰ্টে দুটা চাৰিৰ সৈতে ৪১টা বলত ৩০ ৰান সংগ্ৰহ কৰে। টিম ইণ্ডিয়াৰ হৈ বেগী বলাৰ হৰ্ষিত ৰাণাই ৮.৪ অভাৰত ৩৯ ৰান দি ৪টা উইকেট দখল কৰে।