দেওবাৰে তুলসীৰ গুৰিত পানী দিয়া উচিত হয় নে?

25 Oct 2025

TV9 ASSAM

শাস্ত্ৰত তুলসী পূজা সম্পৰ্কে কিছু নিয়ম উল্লেখ আছে, এনে নিয়ম মতে সপ্তাহৰ কিছুমান দিনত তুলসীত পানী আগবঢ়োৱা নিষেধ। পিছে দেওবাৰে তুলসী গুৰিত পানী দিব লাগেনে?

তুলসী

পৰম্পৰাগত বিশ্বাস অনুসৰি তুলসী মাতাই দেওবাৰে ভগৱান বিষ্ণুৰ বাবে নিৰ্জলা ব্ৰত পালন কৰে। এই দিনটোত পানী আগবঢ়ালে তুলসীৰ উপবাস ভংগ হয়।

নিৰ্জলা ব্ৰত

কিছু বিশ্বাস অনুসৰি তুলসী মাতা দেওবাৰে ভগৱান বিষ্ণুৰ প্ৰতি ভক্তি আৰু তপস্যাত নিমগ্ন হৈ থাকে, গতিকে পানী আগবঢ়াই তপস্যাত ব্যাঘাত জন্মাব নালাগে।

তপস্যা

যিহেতু তুলসী ভগৱান বিষ্ণুৰ অতি প্ৰিয়, সেয়েহে দেওবাৰে তুলসীক পানী দিয়া বা স্পৰ্শ নকৰাৰ নিয়ম প্ৰণয়ন কৰা হৈছিল।

ভগৱান বিষ্ণু

জ্যোতিষ মতে দেওবাৰে তুলসীত পানী আগবঢ়ালে নেতিবাচক শক্তি উৎপন্ন হোৱাৰ লগতে ঘৰলৈ নেতিবাচক প্ৰভাৱ আহিব পাৰে। ফলত ঘৰত দৰিদ্ৰতা হ’ব পাৰে।

ঋণাত্মক শক্তি

দেওবাৰে যিদৰে তুলসীৰ গুৰিত পানী আগবঢ়াব নালাগে, সেইদৰে তুলসীৰ পাত ছিঙাও নিষিদ্ধ হিচাপে গণ্য কৰা হয়। ইয়াৰ ফলত তুলসীৰ আন এক ৰূপ লক্ষ্মী দেৱী ক্ৰোধিত হ’ব পাৰে।

পাত নিছিঙিব

শাস্ত্ৰ মতে দেওবাৰে তুলসীত পানী নিদিয়াৰ নিয়ম পালন কৰিলে সুখ, শান্তি, সমৃদ্ধিৰ লগতে ঘৰখনলৈ দেৱী লক্ষ্মীৰ আশীৰ্বাদ অহাটো নিশ্চিত হয়।

সুখ-সমৃদ্ধি

পঢ়িবলৈ ক্লিক কৰক 

ওজন কমোৱাৰ চেষ্টাত কৰা এনে ভুলে কৰে ক্ষতি