শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ছলমানৰ সৈতে বিচ্ছেদৰ পাছত কেনেকৈ আছিল ঐশ্বৰ্য? ক'লে তেওঁৰ ঘনিষ্ঠই...

ছলমানৰ সৈতে বিচ্ছেদৰ পাছত কেনেকৈ আছিল ঐশ্বৰ্য? ক’লে তেওঁৰ ঘনিষ্ঠই…

barasha-sarma
Barasha Sarma | Published: 24 Oct 2025 17:55 PM

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন। এটা সময়ত তেওঁ ছলমান খানৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল। পিছে এই সম্পৰ্কৰ বিচ্ছেদ কৰিছিল। বহু অনুৰাগীয়ে প্ৰশ্ন কৰে, ছলমানৰ সৈতে বিচ্ছেদৰ পাছত কেনেকৈ আছিল ঐশ্বৰ্য?

ছলমান খান আৰু ঐশ্বৰ্য ৰায়ৰ প্ৰেমৰ সম্পৰ্কৰ কথা কোনে নাজানে! এটা সময়ত অটি জনপ্ৰিয় আছিল দুয়োৰে প্ৰেম কাহিনী। অৱশ্যে এতিয়াও তেওঁলোক চৰ্চাৰ পৰা সাৰি নাযায়। এই সম্পৰ্ক বেছি দিন নাছিল, এটা সময়ত বিচ্ছেদ ঘটিছিল। কোৱা হয়, আজিও ছলমান খানে ঐশ্বৰ্যক পাহৰিব পৰা নাই।

পিছে প্ৰশ্ন হয়, ব্ৰেকআপ হোৱাৰ পাছত অভিনেত্ৰীগৰাকীয়ে কি কৰিছিল? এই সন্দৰ্ভত তেওঁ আজিলৈ মুখ খোলা নাই। কেতিয়াও ব্যক্তিগত জীৱনৰ বিশেষ কথা শ্বেয়াৰ নকৰে ঐশ্বৰ্যই। কিন্তু শেহতীয়াকৈ তেওঁৰ এজন বন্ধুয়ে বিশেষ মন্তব্য কৰে। তেওঁ কয়, ছলমান খানৰ সৈতে বিচ্ছেদ হোৱাৰ পাছত কেনেকৈ আছিল ঐশ্বৰ্য। বন্ধুজনে এয়াও কয় যে, ঐশ্বৰ্যই সদায় নিজৰ কথা ব্যক্তিগতভাৱে ৰাখি ভাল পায়। কাকো খুলি ক’ব নিবিচাৰে।