ওজন কমোৱাৰ চেষ্টাত কৰা এনে ভুলে কৰে দেহৰ ক্ষতি

25 Oct 2025

TV9 ASSAM

শৰীৰৰ বাবে ওজন বৃদ্ধি হৈ পৰে এক ডাঙৰ ভাবুকি। ওজন কমাবলৈ যথেষ্ট কষ্টৰ প্ৰয়োজন। কিছু লোকে সোনকালে ওজন কমোৱাৰ চেষ্টাত বহু ভুল কৰে, যাৰ ফলত লাভৰ পৰিৱৰ্তে ক্ষতি হয়।

ওজন হ্ৰাস

কমকৈ খাদ্য খালে ওজন সোনকালে হ্ৰাস পায় বুলি মানুহৰ মাজত এক ভুল ধাৰণা আছে। কিন্তু ইয়াৰ ফলত বিপাকীয় ক্ৰিয়া লেহেমীয়া হয়, ফলত ওজন কমাৰ পৰিৱৰ্তে বৃদ্ধিহে হ’ব পাৰে।

কম খাদ্য

চৰ্বি বা কাৰ্ব সেৱন কৰিলে ওজন কমোৱাত সমস্যা হয় বুলি বিশ্বাস কৰা হয় যদিও এয়া সম্পূৰ্ণ সঁচা নহয়। সম্পূৰ্ণৰূপে এনে উপাদান এৰি দিলে শক্তি কমিব আৰু ভাগৰুৱা অনুভৱ হ’ব পাৰে।

চৰ্বি ত্যাগ

বৰ্তমান সময়ত বহুলোকে কেৱল জুচ বা ডায়েট ড্ৰিংকছ খোৱাৰ নিয়ম মানি চলে। কিন্তু এইবোৰত কৃত্ৰিম ৰং মিহলি হৈ থাকিব পাৰে। ফলত ওজন কমোৱাৰ পৰিৱৰ্তে ওজন বৃদ্ধি হ’ব পাৰে।

ডায়েট ড্ৰিংকছ

টোপনিৰ সঠিক নিয়ম মানি নচলিলে হৰম’নৰ ভাৰসাম্য বিঘ্নিত হয়। ইয়াৰ ফলত ভোক বৃদ্ধি পায় আৰু ওজন কমোৱাত সমস্যা হয়। ওজন কমোৱাৰ ক্ষেত্ৰত টোপনিৰ অভাৱ এক সাধাৰণ ভুল হৈ পৰে।

কম টোপনি

অত্যধিক ব্যায়ামৰ বাবে অধিক ঘাম ওলায় আৰু চৰ্বি হ্ৰাস কৰাত সহায়ক হয় বুলি এক ধাৰণা প্ৰচলিত। কিন্তু অত্যধিক ৱৰ্কআউট কৰিলে ভাগৰুৱা অনুভৱ হয় আৰু আঘাতৰ সম্ভাৱনা বৃদ্ধি পায়।

অতিমাত্ৰা ব্যায়াম

কিছু লোকে সোনকালে ওজন কমাবলৈ চেষ্টা কৰি শৰীৰত অতিৰিক্ত চাপ দিয়ে। কিন্তু ফল নাপালে কেইসপ্তাহমানৰ ভিতৰতে হাৰ মানি লয়। ফলত শৰীৰৰ দুগুণ ক্ষতি হ’ব পাৰে।

খৰখেদা

পঢ়িবলৈ ক্লিক কৰক 

দৈনিক এই ৫টা কামে চোকা কৰি ৰাখিব মগজু