শ্বাহৰুখৰ কি গোপন ৰহস্য জানে Dabangg ছবিৰ পৰিচালকে?
কিন্তু মই তেওঁৰ প্ৰডাকচনৰ সৈতে কাম কৰা নাছিলো, সেয়েহে তেওঁ মোক ছবিখন কৰিবলৈ অনুমতি নিদিলে। চলমান বলীউডৰ গেংষ্টাৰ আৰু শ্বাহৰুখ চোৰ। শ্বাহৰুখে মানুহৰ পৰা আইডিয়া চুৰি কৰে।"
প্ৰথমে চলমান খান, আৰু এতিয়া শ্বাহৰুখ খান! বলীউডৰ তিনি খানক লৈ ইটোৰ পিছত সিটোকৈ বিস্ফোৰক মন্তব্য কৰিছে ‘দাবাং’ ছবিৰ পৰিচালক অভিনৱ কাশ্যপে। মূলতঃ তেওঁৰ অভিযোগ চলমান খান আৰু শ্বাহৰুখ খানৰ ওপৰত। অভিনৱৰ মতে তেওঁৰ কেৰিয়াৰ ধ্বংসৰ আঁৰত এই দুই খান। এই দুজন খানৰ বাবেই তেওঁ বলীউডত স্থান দখল কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ পূৰ্বে অভিনৱে চলমানক অত্যাচাৰী বুলি কৈছিল। আৰু এতিয়া তেওঁ শ্বাহৰুখক লৈ বিস্ফোৰক মন্তব্য কৰিছে। পৰিচালকৰ মতে তেওঁ শ্বাহৰুখৰ ব্যক্তিগত জীৱনৰ কিছু গোপন কথা জানে, যিবোৰ প্ৰকাশ পালে শ্বাহৰুখ পৰিয়ালত বিভাজনৰ সৃষ্টি হ’ব পাৰে!
শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনৱে শ্বাহৰুখৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল। পৰিচালকে কয়, “এই বলীউডত শ্বাহৰুখ আৰু চলমানৰ লবী চলে। যদি আপুনি এই লবীত নাথাকে তেন্তে বিপদ আছে। মই শ্বাহৰুখৰ সৈতে ছবি এখন কৰিব বিচাৰিছিলো। কিন্তু মই তেওঁৰ প্ৰডাকচনৰ সৈতে কাম কৰা নাছিলো, সেয়েহে তেওঁ মোক ছবিখন কৰিবলৈ অনুমতি নিদিলে। চলমান বলীউডৰ গেংষ্টাৰ আৰু শ্বাহৰুখ চোৰ। শ্বাহৰুখে মানুহৰ পৰা আইডিয়া চুৰি কৰে।”
