শতকীয় ইনিংছেৰে অষ্ট্ৰেলিয়াৰ পৰা বিদায় ল’লে ৰোহিত শৰ্মাই, ৰচনা কৰিলে অভিলেখ
এইবছৰত এয়া ৰোহিত শৰ্মাৰ দ্বিতীয় শতক। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত ইংলেণ্ডৰ বিৰুদ্ধে তেওঁ এক উজ্জ্বল শতক অৰ্জন কৰিছিল। ছিডনীত অৰ্জন কৰা শতকৰ সৈতে তেওঁ অষ্ট্ৰেলিয়াৰ পৰা বিদায় ল'লে। এই সময়ছোৱাত তেওঁ সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখো ৰচনা কৰে।
ভাৰতীয় দলৰ বিস্ফোৰক বেটছমেন ৰোহিত শৰ্মাই এদিনীয়া কেৰিয়াৰৰ ৩৩তম শতক অৰ্জন কৰিছে। ছিডনী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ তৃতীয়খন এদিনীয়াত তেওঁ ১৩টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ১২৫টা বলত ১২১ ৰাণৰ এক উজ্জ্বল শতকীয় ইনিংছ খেলে। এডিলেইডত ৭৩ ৰানৰ ইনিংছ খেলা ৰোহিতে ছিডনীত উজ্জ্বল বেটিং কৰি শতক অৰ্জন কৰে।
এইবছৰত এয়া ৰোহিত শৰ্মাৰ দ্বিতীয় শতক। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত ইংলেণ্ডৰ বিৰুদ্ধে তেওঁ এক উজ্জ্বল শতক অৰ্জন কৰিছিল। ছিডনীত অৰ্জন কৰা শতকৰ সৈতে তেওঁ অষ্ট্ৰেলিয়াৰ পৰা বিদায় ল’লে। এই সময়ছোৱাত তেওঁ সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখো ৰচনা কৰে।
অষ্ট্ৰেলিয়াত এই কৃতিত্ব অৰ্জন ৰোহিত শৰ্মাৰ
অষ্ট্ৰেলিয়াত ৰোহিত শৰ্মাৰ প্ৰদৰ্শন খুবেই সন্তোষজনক। তেওঁ দলটোৰ বিৰুদ্ধে ৯টা শতক অৰ্জন কৰিছে। এই ক্ষেত্ৰত তেওঁ কিংবদন্তি শচীন তেণ্ডুলকাৰৰ সৈতে সমতা স্থাপন কৰিছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিক শতক অৰ্জন কৰা প্ৰথমজন বিদেশী খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৰোহিত শৰ্মা। এই সময়ছোৱাত তেওঁ অষ্ট্ৰেলিয়াৰ মাটিত ছটা শতক অৰ্জন কৰিছে।
তেওঁ অষ্ট্ৰেলিয়াৰ মাটিত ষষ্ঠ শতক অৰ্জন কৰি কোহলী আৰু ছাংগাকাৰাৰ পাঁচটা শতকৰ অভিলেখ অতিক্ৰম কৰে। এই শতকটো সকলো ফৰ্মেটতে ৰোহিতৰ ৫০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় শতক হিচাপে পৰিগণিত হৈছে। ছিডনীত তেওঁৰ উজ্জ্বল ইনিংছৰ বাবে তেওঁক প্লেয়াৰ অৱ দ্য মেচ আৰু প্লেয়াৰ অৱ দ্য ছিৰিজ হিচাপে নিৰ্বাচিত কৰা হয়।
𝐇.𝐔.𝐍.𝐃.𝐑.𝐄.𝐃. 💯
Take a bow, Rohit Sharma! 🙇♂
ODI century no. 3️⃣3️⃣ for the #TeamIndia opener👏
Updates ▶ https://t.co/omEdJjQOBf#AUSvIND | @ImRo45 pic.twitter.com/vTrIwKzUDO
— BCCI (@BCCI) October 25, 2025
ৰোহিত শৰ্মাৰ ৩৩ সংখ্যক এদিনীয়া শতক
প্ৰায় ২৫৯ দিনৰ অন্তত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শতক অৰ্জন কৰিছে ৰোহিত শৰ্মাই। ইয়াৰ পূৰ্বৰ শতকটো ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত কটকত ইংলেণ্ডৰ বিৰুদ্ধে আছিল। ৰোহিতে এতিয়ালৈকে ২৭৬খন এদিনীয়া খেলিছে। ২৬৮টা ইনিংছত ৩৩টা শতক আৰু ৫৯টা অৰ্ধশতককে ধৰি ৪৯.২১ গড়ে ১১,৩৬৮ ৰান সংগ্ৰহ কৰিছে।
এই সময়ছোৱাত তেওঁক এদিনীয়াত ৩৫০ টা ছয় কোবোৱাৰ অভিলেখ ৰচিবলৈ মাত্ৰ এটা ছয় লাগে। ৰোহিতে এই পৰ্যন্ত ৩৪৯টা ছয় কোবাইছে। অহা মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত তেওঁক আক্ৰমণাত্মক ৰূপত দেখা পোৱাৰ সম্ভাৱনা আছে।
আজিৰ খেলখনত অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰি ৪৬.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৩৬ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে ৩৮.৩ অভাৰত মাত্ৰ এটা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। অধিনায়ক শুভমন গিলে ২৪ ৰাণ কৰি আউট হোৱাৰ পাছত ৰোহিত-বিৰাটৰ যুটিয়ে ভাৰতক জয়ৰ সোৱাদ দিয়ে।
ৰোহিত শৰ্মাই ১২১ ৰাণ কৰাৰ বিপৰীতে বিৰাট কোহলীয়ে ৮১ টা বলত ৭৪ ৰাণৰ ইনিংছ খেলে। ইয়াৰ পূৰ্বৰ দুয়োখন মেচত কোহলীয়ে কোনো ৰাণ কৰিবলৈ সক্ষম হোৱা নাছিল। তিনিখনীয়া শৃংখলাৰ প্ৰথম দুখন মেচত ভাৰত পৰাস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত শৃংখলা হেৰুৱাই যদিও তৃতীয়খন মেচত জয়লাভ কৰে।