১৪ মাহৰ কাৰাদণ্ড আৰু…ছিংগাপুৰত ভাৰতীয় নাৰ্ছক আদালতৰ শাস্তি, কি কৰিছিল?
সংবাদ মাধ্যমৰ খবৰ অনুসৰি অভিযুক্ত নাৰ্ছগৰাকীয়ে আদালতত নিজৰ অপৰাধ স্বীকাৰ কৰে। শুকুৰবাৰে সম্পূৰ্ণ শুনানিৰ অন্তত আদালতে এই ৰায় প্ৰদান কৰে। মুঠ ১৪ মাহৰ কাৰাদণ্ডৰ শাস্তি লাভ কৰে নাৰ্ছগৰাকীয়ে।
ছিংগাপুৰৰ ৰেফেলছ হাস্পতালত নাৰ্ছ হিচাপে কৰ্মৰত এগৰাকী ভাৰতীয় মহিলাৰ বিৰুদ্ধে এজন যুৱকক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আদালতৰ শুনানিৰ অন্তত ভাৰতীয় নাৰ্ছগৰাকীক দোষী সাব্যস্ত কৰা হয়। আদালতে নাৰ্ছগৰাকীক ১৪ মাহৰ কাৰাদণ্ডৰ আৰু দিনটোত দুবাৰকৈ চাবুকৰ কোবৰ শাস্তি প্ৰদান কৰে।
ছিংগাপুৰৰ চিকিৎসালয়ত যুৱকক নিৰ্যাতন চলোৱাৰ অপৰাধত ভাৰতীয় নাৰ্ছ এলিপ শিৱা নাগুক এবছৰ দুমাহৰ কাৰাদণ্ড আৰু চাবুকৰ কোবৰ শাস্তি প্ৰদান কৰা হয়। এখন চিকিৎসালয় বীজাণুমুক্ত কৰাৰ অজুহাতত এই অপৰাধ সংঘটিত কৰা বুলি স্বীকাৰ কৰে তেওঁ। ঘটনা পোহৰলৈ অহাৰ লগে লগে নাৰ্ছগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি অভিযুক্ত নাৰ্ছগৰাকীয়ে আদালতত নিজৰ অপৰাধ স্বীকাৰ কৰে। শুকুৰবাৰে সম্পূৰ্ণ শুনানিৰ অন্তত আদালতে এই ৰায় প্ৰদান কৰে। মুঠ ১৪ মাহৰ কাৰাদণ্ডৰ শাস্তি লাভ কৰে নাৰ্ছগৰাকীয়ে। অৱশ্যে এই পৰ্যন্ত ভুক্তভোগীৰ সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।
আদালতত কি ক’লে ভুক্তভোগীৰ অধিবক্তাই?
উপ-পাব্লিক প্ৰচিকিউটৰ ইউজিন ফুয়াই আদালতত জনোৱা মতে, ১৮ জুনত নৰ্থ ব্ৰীজ ৰোডৰ চিকিৎসালয়ত ভৰ্তি হোৱা ককাকক লগ কৰিবলৈ গৈছিল। প্ৰায় ৭:৩০ বজাত ভুক্তভোগীয়ে এজন ৰোগীৰ প্ৰস্ৰাৱগাৰত প্ৰৱেশ কৰে আৰু প্ৰস্ৰাৱগাৰ ব্যৱহাৰ কৰি থকাৰ সময়তে এলিপে ভিতৰলৈ জুমি চাইছিল।
ইয়াৰ উপৰিও খবৰ আহিছিল যে, ভুক্তভোগীক বীজাণুমুক্ত কৰাৰ অজুহাতত এলিপে তেওঁৰ হাতত চাবোন লগাই নিৰ্যাতন চলাইছিল। আদালতে জনোৱা মতে, স্তম্ভিত হৈ পৰা ভুক্তভোগীগৰাকীয়ে লৰচৰ কৰিব পৰা নাছিল। তাৰ পিছত ভুক্তভোগীয়ে ককাকৰ বিচনাৰ কাষলৈ উভতি আহে। ২১ জুনত এই ঘটনাৰ গোচৰ ৰুজু হৈছিল। দুদিন পিছতে নাৰ্ছগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।