Friendship Day: আজি বন্ধুত্ব দিৱস, ভাৰতত কিয় আগষ্টৰ প্ৰথম দেওবাৰে পালন কৰা হয় জানেনে?
Happy Friendship Day: আজি ভাৰতত সকলোৱে উদযাপন কৰিব বন্ধুত্ব দিৱস। বন্ধুত্বৰ সম্পৰ্ক অতি বিশেষ। জীৱনত আগবাঢ়ি যাবলৈ আমাক প্ৰেৰণা দিয়ে। এই দিনটোত বন্ধু-বান্ধৱীৰ প্ৰতি মৰম, বিশ্বাস আৰু কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰে।

প্ৰতি বছৰে আগষ্ট মাহৰ প্ৰথম দেওবাৰে বন্ধুত্ব দিৱস পালন কৰা হয়। বন্ধুত্ব হ’ল এনে এক সম্পৰ্ক যিটো জন্মৰ পৰাই নাথাকে, কিন্তু আমি নিজেই বনাওঁ আৰু নিজৰ ইচ্ছামতে এজন ব্যক্তিক আমাৰ জীৱনত এক বিশেষ স্থান দিওঁ। কেতিয়াবা বন্ধুত্ব তেজৰ সম্পৰ্কতকৈ বহু গভীৰ হ’ব পাৰে।
বহু দেশত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৩০ জুলাইত বন্ধুত্ব পালন কৰা হয় ৷ অৱশ্যে জুলাইৰ পৰিৱৰ্তে ভাৰতত আগষ্ট মাহৰ প্ৰথম দেওবাৰে বন্ধুত্ব দিৱস পালন কৰা হয় ৷ ভাৰতৰ উপৰিও মালয়েছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ (USA), সংযুক্ত আৰব আমিৰশ্বাহী (UAE), বাংলাদেশ আদি দেশতো আগষ্ট মাহৰ প্ৰথম দেওবাৰে বন্ধুত্ব দিৱস পালন কৰা হয় ৷
১৯১৯ চনত হলমাৰ্ক কাৰ্ডৰ প্ৰতিষ্ঠাতা জয়েচ হলে বন্ধুত্ব দিৱস আৰম্ভ কৰিছিল। বহুতে আগষ্টৰ প্ৰথম দেওবাৰে বন্ধুসকললৈ কাৰ্ড পঠাইছিল। কিন্তু বন্ধুত্ব দিৱসৰ ইতিহাস আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আৰম্ভ হয়। ১৯৩৫ চনত আমেৰিকান কংগ্ৰেছে ঘোষণা কৰে যে প্ৰতি আগষ্টৰ প্ৰথম ৰবিবাৰ বন্ধুত্ব দিৱস হিচাপে পালন কৰা হ’ব। সেইদিনাৰ পৰা বন্ধুত্ব দিৱস জাতীয় উদযাপিত দিনবোৰৰ ভিতৰত অন্যতম ৰূপে স্বীকৃতি পায়। অতি শীঘ্ৰে ই জনপ্ৰিয় হৈ পৰে আৰু আন্তৰ্জাতিক বন্ধুত্ব দিৱসৰ ৰূপ লাভ কৰে। আন্তৰ্জাতিক বন্ধুত্ব দিৱসৰ ধাৰণা ১৯৫৮ চনৰ ২০ জুলাই ড॰ আৰ্টেমিঅ ব্ৰাচ'(Artemio Bracho) দ্বাৰা প্ৰস্তাৱিত হয়। তেওঁ তেতিয়া তেওঁৰ বন্ধুসকলৰ লগত পুয়েৰ্তো পিনাক্স’ত (আচোনচিয়ন, পাৰাগুৱেৰ পৰা প্ৰায় ২০০ মাইল দূৰত নদীৰ পাৰত অৱস্থিত এখন চহৰত ৰাতিৰ আহাৰ খাই আছিল। বন্ধুত্ব দিৱস বিভিন্ন দেশত বিভিন্ন তাৰিখে পালন কৰা হয়। ১৯৫৮ চনত প্ৰথম আন্তৰ্জাতিক বন্ধুত্ব দিৱস ৩০ জুলাই কৰাৰ বাবে প্ৰস্তাৱিত হৈছিল। ২৭ এপ্ৰিল ২০১১ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত ৩০ জুলাই Official International Friendship Day ঘোষিত হয়। ভাৰতসহ কিছু দেশত আগষ্টৰ প্ৰথম ৰবিবাৰ বন্ধুত্ব দিৱস হিচাপে উদযাপন কৰা হয়।