August 2 in History: আজি ২ আগষ্ট, চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ দিনটোৰ ঘটনা পৰিঘটনা…
আজি ২ আগষ্টৰ দিনটোতে ভাৰত চৰকাৰ আইন, ১৮৫৮ গৃহীত হয়। ১৮৭৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় জাতীয় পতাকাৰ ডিজাইনাৰ পিঙ্গলি ভেংকয়াৰ জন্ম হয়। লগতে চাওক দিনটোৰ ইতিহাস।

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ২ আগষ্টৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোতে ভাৰত চৰকাৰ আইন, ১৮৫৮ গৃহীত হয়। ১৮৭৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় জাতীয় পতাকাৰ ডিজাইনাৰ পিঙ্গলি ভেংকয়াৰ জন্ম হয়। ১৯৯৯ চনৰ ২ আগষ্টত পশ্চিম বংগৰ গাইছাল নামৰ ষ্টেচনত প্ৰায় ২৫০০ জন লোক কঢ়িয়াই অনা দুখন ৰেলৰ সংঘৰ্ষ সংঘটিত হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।
দিনটোৰ ইতিহাস
১৮৫৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ক্ষমতা ব্ৰিটিছ ৰাজলৈ হস্তান্তৰ কৰি ভাৰত চৰকাৰ আইন গৃহীত হয়, যাৰ ফলত কোম্পানীটোৰ শাসন কাৰ্যকৰীভাৱে শেষ হয় আৰু ব্ৰিটিছ ৰাজ প্ৰতিষ্ঠা হয়।
১৮৭৬ চনত ভাৰতীয় জাতীয় পতাকাৰ ডিজাইনাৰ পিঙ্গলি ভেংকয়াৰ জন্ম হয়।
১৯৯৯ চনৰ আজিৰ দিনটোতে গাইছাল ৰেল দুৰ্ঘটনাৰ ফলত ২৮৫ জন লোকৰ মৃত্যু হয়।
আজি “ভাৰতীয় ৰসায়ন বিজ্ঞানৰ পিতৃ” হিচাপে পৰিচিত আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ জন্ম বাৰ্ষিকী। ১৮৬১ চনৰ ২ আগষ্টত তেখেতৰ জন্ম হৈছিল।
১৭৯৮ চনৰ আজিৰ দিনটোতে ফৰাচী বিপ্লৱী যুদ্ধৰ সময়ত ব্ৰিটিছৰ বিজয়ৰ সৈতে নীল নদীৰ যুদ্ধৰ(Battle of the Nile)সামৰণি পৰে।
১৮৩০ চনত ফ্ৰান্সৰ দশম চাৰ্লছে সিংহাসন ত্যাগ কৰে।
১৯২৩ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ৱাৰেন জি হাৰ্ডিঙৰ হঠাতে মৃত্যু হয়।
১৯৯০ চনত ইৰাকে কুৱেইট আক্ৰমণ কৰি পাৰ্চী উপসাগৰীয় যুদ্ধৰ সূচনা কৰে।
১৯৯৮ চনত আফ্ৰিকাৰ ইতিহাসৰ অন্যতম মাৰাত্মক সংঘাত দ্বিতীয় কংগো যুদ্ধ আৰম্ভ হয়।