চল-চাতুৰী নচলিব, খাদ্যৰ পেকেটত কোম্পানীয়ে উল্লেখ কৰিব লাগিব সঠিক তথ্য
যোৱা ২৮ মে’ত হোৱা এক আলোচনাত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষই (Food Safety and Standards Authority of India) কয়, “খাদ্য সুৰক্ষা আইনৰ অধীনত ১০০% শব্দটো কোনো ধৰণে সংজ্ঞায়িত বা উল্লেখ কৰা হোৱা নাই । বৰ্তমান বহু ব্ৰেণ্ডে চকলেট, চাহ, মৌ, বিস্কুট আৰু প্ৰ’টিন পাউদাৰৰ দৰে সামগ্ৰী বিক্ৰী কৰে, য'ত “১০০% চেনিমুক্ত, বাজৰাৰ সৈতে, অ'টছৰ দ্বাৰা প্ৰস্তুত কৰা” বুলি দাবী কৰে ।"

পেকেটত ভৰোৱা খাদ্য খাই সকলোৱে ভাল পায়। কিন্তু এতিয়া চৰকাৰে পেকেজড ফুড কোম্পানীসমূহৰ ওপৰত কঠোৰ নজৰ ৰাখিছে । খাদ্যৰ লেবেল, পেকেজিং আৰু প্ৰচাৰ সামগ্ৰীৰ ওপৰত ১০০% দাবী কৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিছে । এনে দাবীক “গ্ৰাহকৰ বাবে বিভ্ৰান্তিকৰ, অস্পষ্ট আৰু ভুলকৈ সংজ্ঞায়িত” বুলি অভিহিত কৰা হৈছে ।
যোৱা ২৮ মে’ত হোৱা এক আলোচনাত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষই (Food Safety and Standards Authority of India) কয়, “খাদ্য সুৰক্ষা আইনৰ অধীনত ১০০% শব্দটো কোনো ধৰণে সংজ্ঞায়িত বা উল্লেখ কৰা হোৱা নাই । বৰ্তমান বহু ব্ৰেণ্ডে চকলেট, চাহ, মৌ, বিস্কুট আৰু প্ৰ’টিন পাউদাৰৰ দৰে সামগ্ৰী বিক্ৰী কৰে, য’ত “১০০% চেনিমুক্ত, বাজৰাৰ সৈতে, অ’টছৰ দ্বাৰা প্ৰস্তুত কৰা” বুলি দাবী কৰে ।”
কঠোৰ নিষেধাজ্ঞা
FSSAI এ কয় যে তেওঁলোকৰ নিয়মে অন্য কোম্পানীক তুচ্ছজ্ঞান কৰা বা গ্ৰাহকৰ ধাৰণাক বিভ্ৰান্তিকৰভাৱে প্ৰভাৱিত কৰা যিকোনো বিজ্ঞাপন বা দাবীক “কঠোৰভাৱে নিষিদ্ধ” কৰে । ইয়াত আৰু কোৱা হৈছে যে নিয়ম অনুসৰি দাবীসমূহ “সঁচা, স্পষ্ট আৰু অৰ্থপূৰ্ণ হ’ব লাগে, বিভ্ৰান্তিকৰ হ’ব নালাগে আৰু গ্ৰাহকক প্ৰদান কৰা তথ্য বুজিবলৈ সহায় কৰিব লাগে ।
দাবী আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছে
খাদ্য নিয়ন্ত্ৰকে ২০২৪ চনৰ মাজভাগত এক অধিসূচনা জাৰি কৰিছিল, য’ত কোম্পানীসমূহক লেবেল আৰু বিজ্ঞাপনৰ পৰা “১০০% ফলৰ ৰস”ৰ দৰে দাবী আঁতৰাবলৈ নিৰ্দেশ দিছিল। ইয়াৰ উপৰিও কোম্পানীসমূহক ডিচেম্বৰৰ শেষৰ ফালে পেকেট কৰা ৰসত ১০০% ফলৰ ৰস দাবী কৰা সকলো প্ৰি-প্ৰিণ্টেড পেকেজিং মেটেৰিয়েল নাইকিয়া কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।
আইনী বিবাদ
বহু ব্ৰেণ্ডৰ ভিতৰত এটা ব্ৰেণ্ড ডাবৰৰ ৰিয়েল জুচ ব্ৰেণ্ড আৰু FSSAI বৰ্তমান এই বিষয়টোক লৈ আইনী বিবাদত জড়িত হৈ আছে । যোৱা মাহত FSSAI এ দিল্লী উচ্চ ন্যায়ালয়ত কয় যে ডাবৰৰ পেকেজিঙৰ ওপৰত ‘১০০% ফলৰ ৰস’ দাবী কৰাটো বৰ্তমানৰ খাদ্য সুৰক্ষা নিয়মৰ অধীনত অনুমোদিত নহয়, ইয়াক “গ্ৰাহকৰ বাবে বিভ্ৰান্তিকৰ” বুলি অভিহিত কৰিছিল । নিয়ন্ত্ৰকজনে ডাবৰে এই নিৰ্দেশনাৰ বিৰুদ্ধে জনোৱা প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল ।