শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Swiggy ৰ ডাঙৰ অফাৰ, খাদ্য ক্ৰয় কৰিলে ৰেহাই পাব সম্পূৰ্ণ ২০০ টকা, কিন্তু কেনেকৈ?

ছুইগী বৰ্তমান দেশৰ ২০০ খন চহৰৰ ২০০০ কলেজ চৌহদত চলি আছে। জুলাই মাহৰ ভিতৰত ৪৫০০ কলেজ চৌহদত এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰিছে ছুইগীয়ে।

Swiggy ৰ ডাঙৰ অফাৰ, খাদ্য ক্ৰয় কৰিলে ৰেহাই পাব সম্পূৰ্ণ ২০০ টকা, কিন্তু কেনেকৈ?
Swiggy ৰ ডাঙৰ অফাৰ
barasha-misra
Barasha Misra | Updated On: 17 May 2025 18:14 PM

খাদ্য ডেলিভাৰী প্লেটফৰ্ম ছুইগীয়ে আৰম্ভ কৰিছে বিশেষ অফাৰ। এই অফাৰটো মূলতঃ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰা হৈছে। এই অফাৰৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলে কোম্পানীটোৰ পৰা বিশেষ ৰেহাই পাব।

কোম্পানীটোৱে জনাইছে যে এই অফাৰৰ জৰিয়তে ছুইগীৰ ‘ছুইগী ৱান’ আৰু ‘ছুইগী লাইট’ৰ চাবস্ক্ৰিপচনত ৰেহাই দিয়া হ’ব। এই দুটা প্ৰোগ্ৰামত ডেলিভাৰীৰ বাবে কোনো পৃথক চাৰ্জ লোৱা নহয়। কেৱল সেয়াই নহয়, এই চাবস্ক্ৰিবচন কৰিলে ৬৯৯, ৭৯৯ বা ৮৯৯ টকীয়া খাদ্য ক্ৰয় কৰিলে ২০০ টকা পৰ্যন্ট ৰেহাই লাভ কৰিব বুলিও জনাইছে। ছাত্ৰ-ছাত্ৰীয়ে ৭৯৯ টকাৰ ওপৰৰ বিলত ২০% ৰেহাই লাভ কৰিব পাৰিব।

বৰ্তমান ছুইগীৰ এই কাৰ্যসূচী দেশৰ ২০০ খন চহৰৰ ২০০০ কলেজ চৌহদত চলি আছে। জুলাই মাহৰ ভিতৰত ৪৫০০ কলেজ চৌহদত এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰিছে ছুইগীয়ে।

এই কাৰ্যসূচী মূলতঃ ১৮ৰ পৰা ২৫ বছৰ বয়সৰ ভিতৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে। মন কৰিবলগীয়া যে, ছুইগীৰ (Swiggy) আন এটা এপ আছে যাৰ নাম ‘Bolt’। যিয়ে আপুনি অৰ্ডাৰ দিয়াৰ ১০ মিনিটৰ ভিতৰত আপোনাৰ ঘৰলৈ খাদ্য যোগান ধৰে।