শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অৱসৰকালীন জীৱনক লৈ নাই কোনো চিন্তা! ধনকুবেৰ ইলন মাস্কে ক’লে ‘ভয়াৱহ’ ভৱিষ্যতৰ কথা

সাধাৰণতে বিত্তীয় বিশেষজ্ঞসকলে মানুহক চাকৰি জীৱনৰ আৰম্ভণিৰে পৰাই অৱসৰৰ বাবে এটা পুঁজি গঠন কৰিবলৈ পৰামৰ্শ দিয়ে। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম মাস্ক। তাতোকৈ ভাবিবলগীয়া তেওঁ উল্লেখ কৰা আঁৰৰ কাৰণ। চাওক এতিয়াই।

অৱসৰকালীন জীৱনক লৈ নাই কোনো চিন্তা! ধনকুবেৰ ইলন মাস্কে ক’লে ‘ভয়াৱহ’ ভৱিষ্যতৰ কথা
কি ক’লে ইলন মাস্কে!
Monjit Dutta
Monjit Dutta | Updated On: 16 Jan 2026 16:14 PM

বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি তথা প্ৰখ্যাত উদ্যোগী ইলন মাস্কক লৈ চৰ্চাৰ অন্ত নাই। শেহতীয়াকৈ অৱসৰকালীন সঞ্চয়ক লৈ তেওঁ কৰা এক মন্তব্যই সমগ্ৰ বিশ্বতে ব্যাপক চৰ্চা লাভ কৰিছে। সাধাৰণতে বিত্তীয় বিশেষজ্ঞসকলে মানুহক চাকৰি জীৱনৰ আৰম্ভণিৰে পৰাই অৱসৰৰ বাবে এটা পুঁজি গঠন কৰিবলৈ পৰামৰ্শ দিয়ে। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম মাস্ক। তেওঁৰ মতে— ভৱিষ্যতৰ অৱসৰক লৈ অতিৰিক্ত চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই।

‘Moonshots with Peter Diamandis’ নামৰ এটা পডকাষ্টত মাস্কে কয় যে দীৰ্ঘম্যাদী অৱসৰ পৰিকল্পনাক লৈ মানুহ অকাৰণতে ভীতিগ্ৰস্ত হয়। তেওঁৰ মতে, বৰ্তমানৰ প্ৰযুক্তিগত অগ্ৰগতি যদি একে গতিতে আগবাঢ়ি থাকে, তেন্তে অদূৰ ভৱিষ্যতে যন্ত্ৰ মানুহতকৈ বহু বেছি উৎপাদনশীল হৈ পৰিব।

এনে অৱস্থাত যিকোনো কাম দ্ৰুত হ’ব, খৰচ কমিব আৰু দক্ষতা বাঢ়িব আৰু ফলত পৃথিৱীত কোনো বস্তুৰে অভাৱ নাথাকিব বুলি মাস্কে দাবী কৰে। প্ৰায় ৬০০ বিলিয়ন মাৰ্কিন ডলাৰৰ সম্পত্তিৰ অধিকাৰী এই ধনকুবেৰগৰাকীয়ে কয় যে ভৱিষ্যতে এনে এক সময় আহিব যেতিয়া প্ৰতিগৰাকী ব্যক্তিয়ে পৰ্যাপ্ত পৰিমাণৰ সম্পদ লাভ কৰিব।

তেওঁ ‘ইউনিভাৰ্চেল বেছিক ইনকাম’ (Universal Basic Income) ধাৰণাটো দাঙি ধৰি কয় যে ইয়াৰ ফলত সকলো শ্ৰেণীৰ মানুহৰ বাবে এক আৰামদায়ক জীৱন যাপন কৰা সম্ভৱ হ’ব। লক্ষণীয়ভাৱে মাস্কৰ পূৰ্বে বিজ্ঞানী ৰোমান ইয়ামপোলস্কিয়েও একে ধৰণৰ কথাকে দাঙি ধৰিছিল।

মাস্কৰ দাবী অনুসৰি, আগন্তুক কেইবছৰমানৰ ভিতৰতে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক বিপ্লৱ ঘটিব। মানুহে বৰ্তমানতকৈ অধিক উন্নত চিকিৎসা অতি সহজতে লাভ কৰিব। ইয়াৰোপৰি যদি কোনোবাই কিবা এটা শিকিব বিচাৰে, তেওঁ অতি সহজতে আৰু সম্পূৰ্ণ বিনামূল্যে সেয়া শিকিব পাৰিব বুলি মাস্কে দাবী কৰে।

অৱশ্যে মাস্কৰ এই সম্ভাৱনাক লৈ শংকাও নোহোৱা নহয়। তেওঁৰ মতে ভৱিষ্যতৰ আটাইতকৈ ডাঙৰ সমস্যাটো আৰ্থিক নহয়, বৰঞ্চ মানসিকহে হ’ব। যদি সকলো বস্তুকে অতি সহজতে পোৱা যায়, তেন্তে মানুহৰ জীৱনৰ উদ্দেশ্য কি হ’ব— সেই প্ৰশ্নই আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ উঠিব।

তেওঁ প্ৰশ্ন উত্থাপন কৰি কয়, “আপুনি যি বিচাৰে যদি সকলোবোৰেই লাভ কৰে, তেন্তে আপুনি সঁচাকৈয়ে তেনে এটা ভৱিষ্যত বিচাৰিবনে? কাৰণ তেতিয়া কামৰ প্ৰকৃত অৰ্থই হেৰাই যাব পাৰে।” সি যি কি নহওক, মাস্কৰ এই ধাৰণা সম্প্ৰতি বিশ্বজুৰি ব্যাপক চৰ্চিত হৈ পৰিছে।