শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

টাটা গ্ৰুপে কৰিছে নতুন পৰিকল্পনাঃ ব’য়িং-এয়াৰবাছক দিছে বিমানৰ অভিলেখসংখ্যক অৰ্ডাৰ

আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাক লৈ চৰ্চা চলি থকাৰ সময়তে পোহৰলৈ আহিছে এক বিশেষ তথ্য। এই তথ্য এয়াৰ ইণ্ডিয়াৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। সংবাদ সংস্থা ৰয়টাৰৰ তথ্য অনুসৰি টাটা গ্ৰুপৰ কোম্পানী এয়াৰ ইণ্ডিয়াই আমেৰিকান কোম্পানী বয়িং আৰু ফৰাচী কোম্পানী এয়াৰবাছত নতুন পৰিকল্পনাৰ অধীনত বিমানৰ অভিলেখসংখ্যক অৰ্ডাৰ দিছে।

টাটা গ্ৰুপে কৰিছে নতুন পৰিকল্পনাঃ ব’য়িং-এয়াৰবাছক দিছে বিমানৰ অভিলেখসংখ্যক অৰ্ডাৰ
টাটাই কৰিছে নতুন পৰিকল্পনা
monjit-dutta
Monjit Dutta | Published: 12 Jun 2025 19:00 PM

সমগ্ৰ দেশতে আজি আহমেদাবাদত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাৰ চৰ্চা। এই শোকাৱহ দুৰ্ঘটনাই অন্তৰাত্মা কঁপাই তুলিছে সকলোৰে। আজি দিনৰ প্ৰায় ১:৩৯ বজাত এয়াৰ ইণ্ডিয়াৰ এখন বিমান আহমেদাবাদৰ পৰা লণ্ডনলৈ ৰাওনা হোৱাৰ সময়তে উৰণৰ ঠিক পিছতে দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত মুঠ ২৪২ জন লোক আছিল বুলি তথ্য প্ৰকাশ পাইছে। ইফালে এই দুৰ্ঘটনাক লৈ চৰ্চা চলি থকাৰ সময়তে পোহৰলৈ আহিছে এক বিশেষ তথ্য। এই তথ্য এয়াৰ ইণ্ডিয়াৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে।

সংবাদ সংস্থা ৰয়টাৰৰ তথ্য অনুসৰি টাটা গ্ৰুপৰ কোম্পানী এয়াৰ ইণ্ডিয়াই নতুন পৰিকল্পনাৰ বাবে বয়িঙৰ পৰা ২০০খন নতুন বিমান অৰ্ডাৰ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান নিৰ্মাতা কোম্পানী বয়িং আৰু ফ্ৰান্সৰ বিমান নিৰ্মাতা কোম্পানী এয়াৰবাছৰ সৈতে নতুন বিমান ক্ৰয় সন্দৰ্ভত টাটা গ্ৰুপ আলোচনাত মিলিত হৈছে বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে। এই চুক্তিত পূৰ্বৰ অৰ্ডাৰৰ উপৰিও কেইবাটাও আকাৰৰ শতাধিক বিমান অন্তৰ্ভুক্ত হ’ব পাৰে।

লক্ষণীয়ভাৱে ২০২৩ চনত এয়াৰ ইণ্ডিয়া টাটা গ্ৰুপে ক্ৰয় কৰিছিল আৰু ইয়াৰ পিছত বিমান সংস্থাটোৱে এই বৃহৎ পৰিমাণৰ নতুন বিমানৰ অৰ্ডাৰ বুকিং কৰিছে। অৱশ্যে নতুন অৰ্ডাৰৰ সংখ্যা এতিয়াও স্পষ্ট হোৱা নাই। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই নতুন অৰ্ডাৰত মুঠ ২০০ খন নেৰ’-বডী বিমান অন্তৰ্ভুক্ত কৰা হৈছে। সাধাৰণতে এয়াৰ ইণ্ডিয়াই নিজৰ বিমান পৰিচালনাৰ বাবে এনে নেৰ’-বডী বিমান ব্যৱহাৰ কৰে।

এয়াৰ ইণ্ডিয়াই ২০২৩ চনত বয়িং আৰু এয়াৰবাছ দুয়োটা কোম্পানীলৈ ৪৭০ খন বিমানৰ অভিলেখ ভংগকাৰী অৰ্ডাৰ দিছিল। আনহাতে ২০২৪ চনত এয়াৰবাছলৈ ১০০ টা অৰ্ডাৰ দিয়া হৈছে। প্ৰতিবেদনত লগতে এয়াৰ ইণ্ডিয়া, এয়াৰবাছ আৰু বয়িং- এই তিনিওটা কোম্পানীয়ে সম্ভাৱ্য নতুন অৰ্ডাৰৰ সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে বুলিও উল্লেখ কৰা হৈছে।

উল্লেখ্য যে, অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ পৰা পোৱা তথ্য অনুসৰি আজি দুৰ্ঘটনাত পতিত হোৱা এয়াৰ ইণ্ডিয়াৰ ড্ৰিমলাইনাৰ বি৭৮৭ বিমান আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে ৰাওনা হৈছিল। বিমানখনত দুজন পাইলট আৰু ১০জন কেবিন ক্ৰুকে ধৰি মুঠ ২৪২জন লোক আছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও এই বিমানত যাত্ৰা কৰিছিল।