গৰমৰ দিনত কিডনীৰ যত্ন লোৱাৰ উপায়

31 May 2025

TV9 ASSAM

Photos Credit: Getty Images

গ্ৰীষ্মকালত বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। ইয়াৰ ভিতৰত কিডনী ষ্টোন বা বৃক্কত পাথৰ হোৱাৰ সমস্যা অন্যতম।

কিডনী ষ্টোন

কিডনী ষ্টোনৰ মূল কাৰণ ডিহাইড্ৰেশ্যন। গতিকে গৰম দিনকেইটাত কিডনীৰ যত্ন কেনেকৈ ল'ব জানোঁ আহক ।

ডিহাইড্ৰেশ্যন

কিডনী ষ্টোন হ'লে তলৰ পেট বা পিঠিত বিষ, প্ৰস্ৰাৱ জ্বলা পোৰা,প্ৰস্ৰাৱৰ ৰং ডাঠ হোৱা, প্ৰস্ৰাৱত তেজ অহা, সঘনাই প্ৰস্ৰাৱ কৰাৰ অনুভৱ কৰিব পাৰে।

লক্ষণ

যিসকল লোকৰ এই সমস্যা আছে তেওঁলোকে নিয়মিতভাৱে প্ৰস্ৰাৱ পৰীক্ষা আৰু আল্ট্ৰাছাউণ্ড কৰাব লাগে। 

প্ৰস্ৰাৱ পৰীক্ষা

চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ঔষধ সময়মতে খাব লাগে। ইয়াৰোপৰি ভজা খাদ্য আৰু প্ৰচেছড খাদ্য পৰিহাৰ কৰিব লাগে।

চিকিৎসকৰ পৰামৰ্শ 

ভাল খাদ্য, পানী, জুচ, ফল-মূল আদি প্ৰচুৰ পৰিমাণে খাব লাগে। শৰীৰত কেতিয়াও পানীৰ অভাৱ হ'বলৈ দিব নালাগে ।

খাদ্যাভ্যাস

এই সমস্যাৰ পৰা হাত সাৰিবলৈ দৈনিক কমেও ৩-৪ লিটাৰ পানী খাব লাগে। পানীয়ে এই সমস্যাৰ পৰা ৰক্ষা কৰিব ।

৩-৪ লিটাৰ পানী খাব

পঢ়িবলৈ ক্লিক কৰক

ৰঙালাওৰ উপকাৰিতা