শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিজ্ঞাপনৰ গোচৰত পতঞ্জলিলৈ সকাহ, ডাঙৰ আদেশ দিলে উচ্চতম ন্যায়ালয়ে?

বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ গোচৰত উচ্চতম ন্যায়ালয়ে পতঞ্জলি আৰু ইয়াৰ প্ৰচাৰকসকলক ডাঙৰ সকাহ দিছে! ইয়াৰ লগতে পূৰ্বৰ বাধা আঁতৰাই পেলাইছে।

বিজ্ঞাপনৰ গোচৰত পতঞ্জলিলৈ সকাহ, ডাঙৰ আদেশ দিলে উচ্চতম ন্যায়ালয়ে?
পতঞ্জলি
manas-borah
Manas Borah | Published: 13 Aug 2025 10:35 AM

পৰম্পৰাগত চিকিৎসাৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ সৈতে জড়িত গোচৰৰ কাৰ্যবিধি বন্ধ কৰি উচ্চতম ন্যায়ালয়ে পতঞ্জলি আৰু ইয়াৰ প্ৰচাৰকসকলক ডাঙৰ সকাহ দিছে। ইয়াৰ লগতে পূৰ্বৰ বাধা আঁতৰাই পেলাইছে, য’ত এনে বিজ্ঞাপনৰ বাবে ৰাজ্যৰ পূৰ্ব অনুমোদন প্ৰয়োজনীয় আছিল। ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে পতঞ্জলি আয়ুৰ্বেদৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ পৰাই এই গোচৰৰ আৰম্ভণি হৈছিল, য’ত আধুনিক চিকিৎসা বিজ্ঞানক অপমান কৰা আৰু ভিত্তিহীন স্বাস্থ্যৰ দাবী কৰা বিজ্ঞাপনৰ কথা উল্লেখ কৰা হৈছিল। আদালতে এসময়ত এনে বিজ্ঞাপনত সাময়িক নিষেধাজ্ঞা আৰোপ কৰি পতঞ্জলিৰ প্ৰমোটাৰ বাবা ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণৰ বিৰুদ্ধে অৱমাননাৰ গোচৰ ৰুজু কৰিছিল।

এই গোচৰৰ সময়ত আয়ুষ মন্ত্ৰালয়ে ২০২৪ চনৰ জুলাই মাহত ড্ৰাগছ এণ্ড কচমেটিকছ ৰুলছ, ১৯৪৫ৰ ১৭০ নং নিয়ম আঁতৰোৱাৰ পিছত এটা ডাঙৰ প্ৰশ্নৰ উত্থাপন হয়। এই নিয়মৰ অধীনত আয়ুৰ্বেদিক, সিদ্ধ আৰু ইউনানী ঔষধৰ বিজ্ঞাপনত অতিৰঞ্জিত দাবী ৰোধ কৰিবলৈ ৰাজ্যিক অনুজ্ঞাপত্ৰ প্ৰদানকাৰী কৰ্তৃপক্ষৰ পূৰ্ব অনুমোদন ল’ব লাগিছিল। উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে ২০২৪ চনৰ আগষ্ট মাহত অনুমোদনৰ প্ৰয়োজনীয়তা অক্ষুণ্ণ ৰাখি এই নিয়ম আঁতৰোৱাৰ ক্ষেত্ৰত সাময়িকভাৱে স্থগিত ৰাখিছিল।কিন্তু সোমবাৰে ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনে সেই আদেশ বাতিল কৰে।

এতিয়া আদালতে এই সিদ্ধান্ত বাতিল কৰিছে

ন্যায়াধীশ নাগাৰত্নই কয় যে, কেন্দ্রই আইনগতভাৱে কোনো নিয়ম আঁতৰোৱাৰ পাছত আদালতে পুনৰ প্রতিষ্ঠা কৰিব নোৱাৰে৷ তেওঁ কয় যে, কোনো নিয়ম গৃহীত হোৱাৰ পিছত ন্যায়পালিকাৰ কাৰ্যকৰী বা আইন প্ৰণয়নৰ অধিকাৰ নাই। এই নিয়ম আঁতৰোৱাৰ বিৰোধিতা কৰা অধিবক্তাসকলে যুক্তি দিছিল যে, বিভ্ৰান্তিকৰ দাবীয়ে ৰোগীৰ ক্ষতি কৰিব পাৰে। এজন উকীলে কৈছিল যে, বৃহৎ সংখ্যক মানুহ সহজ-সৰল। গতিকে মানুহ বিপথে পৰিচালিত হোৱাৰ সম্ভাৱনা থাকে।

উচ্চতম ন্যায়ালয়ে কি ক’লে?

এই নিয়ম আঁতৰোৱাৰ পক্ষত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে, ইতিমধ্যে বিধিগত ব্যৱস্থা আছে… আমি সাধাৰণ মানুহৰ বুদ্ধিমত্তাৰ ওপৰত সন্দেহ কৰা উচিত নহয়। তেওঁ আৰু কয় যে, আয়ুষৰ সামগ্ৰী নিৰ্মাণৰ অনুমতি দি বিজ্ঞাপন নিষিদ্ধ কৰাটো অন্যায় কৰা হ’ব। উচ্চতম ন্যায়ালয়ে কয় যে, আই এম এৰ আবেদনত বিচৰা সকলো প্ৰাৰম্ভিক সকাহ সম্পূৰ্ণ হৈ বিষয়টো নিষ্পত্তি কৰা হৈছে। লগতে, ১৭০ নং নিয়ম অপসাৰণক প্ৰত্যাহ্বান জনাবলৈ পক্ষসমূহক উচ্চ ন্যায়ালয়লৈ যাবলৈ অনুমতি দিয়া হৈছে।