শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ঋণৰ ক্ষেত্ৰত আৰু বাধা নহ’ব CIBIL Score! কেন্দ্ৰীয় চৰকাৰে কৰিলে ডাঙৰ ঘোষণা

ভৱিষ্যতে আৰ্থিক সকাহ লাভ কৰিবলৈ হ’লে CIBIL Score ভাল হৈ থকাটো অত্যন্ত প্ৰয়োজনীয়। অৱশ্যে এতিয়া এইক্ষেত্ৰত লাভ কৰিব কিছু সকাহ। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে এতিয়া এক নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে।

ঋণৰ ক্ষেত্ৰত আৰু বাধা নহ’ব CIBIL Score! কেন্দ্ৰীয় চৰকাৰে কৰিলে ডাঙৰ ঘোষণা
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Pixabay
monjit-dutta
Monjit Dutta | Updated On: 26 Aug 2025 11:49 AM

সময়ৰ সৈতে খোজ মিলাবলৈ বৰ্তমান প্ৰতিজন লোকৰে দৈনন্দিন জীৱনৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে বহুসময়ত এই প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত উপাৰ্জন বা জমা ধন যথেষ্ট কম হৈ পৰে প্ৰয়োজনীয়তা পূৰণৰ লগতে জৰুৰী খৰচৰ বাবেও এনে পৰিস্থিতিত ঋণ আশ্ৰয় বলগা হয় সাধাৰণতে বেংক বা বিত্তীয় প্ৰতিষ্ঠানসমূহে ঋণ প্ৰদানৰ সময়ত ব্যক্তিজনৰ CIBIL Score পৰীক্ষা কৰে যদি CIBIL Score ভাল নহয়, তেতিয়া ঋণ লাভৰ ক্ষেত্ৰত ব্যক্তিজন বাধাৰ সন্মুখীন পাৰে

গতিকে ভৱিষ্যতে আৰ্থিক সকাহ লাভ কৰিবলৈ লে CIBIL Score ভাল হৈ থকাটো অত্যন্ত প্ৰয়োজনীয় অৱশ্যে এতিয়া এইক্ষেত্ৰত লাভ কৰিব কিছু সকাহ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে এতিয়া এক নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত অনুসৰি এতিয়া CIBIL Score কম লেও লাভ কৰিব বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ

অৱশ্যে এইক্ষেত্ৰতো নিৰ্দিষ্ট নিয়ম স্পষ্ট কৰি দিছে বিত্ত মন্ত্ৰালয়ে প্ৰথমবাৰৰ বাবে ঋণ লাভৰ ক্ষেত্ৰতহে CIBIL Score এই সকাহ লাভ কৰিব বুলি কেন্দ্ৰই স্পষ্ট কৰি দিছে অৰ্থাৎ প্ৰথমবাৰ ঋণ লওঁতে নিৰ্ধাৰিত CIBIL Score থকাটো এতিয়া আৰু প্ৰয়োজন নহব।

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে লোকসভাত এই বিষয়ে উল্লেখ কৰিছে প্ৰথমবাৰৰ বাবে ঋণৰ বাবে আবেদন কৰাসকলৰ CIBIL Score কম হ’লেও বেংকে ঋণৰ আবেদন নাকচ কৰিব নোৱাৰে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে

এই সন্দৰ্ভত তেওঁ ৰিজাৰ্ভ বেংকৰ গাইডলাইনৰ কথাও উল্লেখ কৰে ৰিজাৰ্ভ বেংকৰ গাইডলাইনত ঋণৰ আবেদনৰ বাবে কোনো নূন্যতম ক্ৰেডিট স্ক’ৰৰ বিষয়ে উল্লেখ নথকাৰ কথা তেওঁ আঙুলিয়াই দিয়ে মন্ত্ৰীগৰাকীৰ মতে, কেৱল ক্ৰেডিট হিষ্ট্ৰী নাই বুলিয়েই বেংকে ঋণৰ আবেদন নাকচ কৰিব নোৱাৰে।

উল্লেখ্য যে এই CIBIL Scoreএ এজন ব্যক্তিৰ ঋণ লাভৰ যোগ্যতাক সূচায়। ব্যক্তিজন ব্যক্তিগত ঋণ, গৃহ ঋণ বা আন কোনো ঋণৰ বাবে যোগ্য নে নহয়, সেয়া ক্ৰেডিট ইনফৰ্মেশ্যন ব্যুৰো লিমিটেডে নিৰ্ধাৰণ কৰে। অৱশ্যে প্ৰথমবাৰৰ বাবে ঋণৰ ক্ষেত্ৰতহে CIBIL Score বাধ্যতামূলক নহ

অন্যান্য ক্ষেত্ৰত ঋণৰ আবেদনৰ বাবে প্ৰয়োজনীয় তথ্য পৰীক্ষা কৰিবলৈ বেংকসমূহক নিৰ্দেশনা দিয়া হৈছে সেই অনুসৰি বেংকে ক্ৰেডিট হিষ্ট্ৰী, ঋণ পৰিশোধত কোনো বিলম্ব ঘটিছে নেকি ইত্যাদি প্ৰয়োজনীয় তথ্য পৰীক্ষা কৰিবলৈ স্পষ্ট নিৰ্দেশনা প্ৰদান কৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংসদত কয় যে ক্ৰেডিট ইনফৰ্মেশ্যন কোম্পানীসমূহে ক্ৰেডিট ৰিপ’ৰ্টৰ সৈতে জড়িত তথ্য প্ৰদানৰ বাবে সৰ্বাধিক ১০০ টকা ল’ব পাৰে। ইয়াতকৈ অধিক ধন ব নোৱাৰিব বুলিও কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে স্পষ্টকৈ উল্লেখ কৰে।