মেইল আৰু এক্সপ্ৰেছ ৰে’লত পাব পৰিষ্কাৰ-সোৱাদযুক্ত খাদ্য, IRCTC-এ আৰম্ভ কৰিছে নতুন সেৱা…
এতিয়া মেইল আৰু এক্সপ্ৰেছ ট্ৰেইনতো পৰিষ্কাৰ আৰু সময়মতে খাদ্য উপলব্ধ হ’ব। ইয়াৰ বাবে IRCTC-এ আৰম্ভ কৰিছে নতুন ই-পেণ্ট্ৰি সেৱা। ইয়াৰ জৰিয়তে সহজেই যাত্ৰীসকলে অনলাইনযোগে খাদ্য বুকিং কৰিব পাৰিব।

মেইল আৰু এক্সপ্ৰেছ ৰে’লযাত্ৰীসকলৰ বাবে IRCTC-এ আৰম্ভ কৰিছে এক বিশেষ আৰু সুবিধাজনক সেৱা। যিয়ে এতিয়াৰে পৰা ৰে’লৰ যাত্ৰীসকলক পৰিষ্কাৰ, নিৰ্দিষ্ট মূল্য আৰু সময়মতে খাদ্য যোগান ধৰিব। পূৰ্বে খাদ্যৰ অনলাইন বুকিঙৰ সুবিধা কেৱল প্ৰিমিয়াম ৰে’লতহে উপলব্ধ আছিল। এতিয়া এই সুবিধা মেইল আৰু এক্সপ্ৰেছ ৰে’লতো আৰম্ভ কৰা হৈছে। এই সুবিধা বিশেষকৈ সেইসকল যাত্ৰীসকলৰ বাবে উপকাৰী হ’ব যিসকলে যাত্ৰাৰ সময়ত অতিৰিক্ত চাৰ্জ, অকৰ্তৃত্বশীল বিক্ৰেতা আৰু নিম্নমানৰ খাদ্যৰ অভিযোগ কৰিছিল।
ই-পেণ্ট্ৰি হৈছে IRCTCৰ দ্বাৰা আৰম্ভ কৰা ডিজিটেল মিল বুকিং সুবিধা, যিয়ে যাত্ৰীসকলক মেইল/এক্সপ্ৰেছ ৰে’লত নিজৰ আসনে খাদ্য যোগান ধৰে। Confirmed, RAC বা Partially Confirmed টিকট থকা যাত্ৰীসকলে এই সেৱা লাভ কৰিব পাৰিব। অৱশ্যে যিবোৰ ৰে’লত পেণ্ট্ৰি কাৰ উপলব্ধ সেইবোৰত এই সেৱা প্ৰযোজ্য হ’ব।
এই সেৱা কেনেকৈ ব্যৱহাৰ কৰিব?
এই সেৱাৰ সুবিধা পাবলৈ টিকট বুকিং কৰাৰ সময়ত বা পিছত বুকিং কৰা টিকটৰ হিস্ত্ৰী অংশলৈ গৈ ই-পেণ্ট্ৰি বিকল্পটো বাছক। বুকিং কৰাৰ পিছত আপুনি এছএমএছ বা ইমেইলৰ জৰিয়তে Meal Verification Code (MVC) লাভ কৰিব । তাৰ ভ্ৰমণৰ দিনা MVC ক’ড দেখুৱাই চিটত খাদ্য লাভ কৰক।
ই-পেণ্ট্ৰি সেৱাৰ মূল বৈশিষ্ট্যসমূহ
- ইয়াৰ দ্বাৰা অনলাইনত খাদ্য বুকিং কৰা হ’ব।
- ৱেবছাইটৰ জৰিয়তে ষ্টেণ্ডাৰ্ড মিল বা ৰে’ল নীৰ প্ৰি-বুক কৰিব পাৰিব।
- পেমেণ্ট ডিজিটেলভাৱে কৰা হ’ব , য’ত নগদ ধনৰ প্ৰয়োজন নাই।
- নিৰ্দিষ্ট মূল্যত খাদ্য উপলব্ধ হ’ব, অতিৰিক্ত চাৰ্জিং নহয়।
- কেৱল IRCTCৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত বিক্ৰেতাইহে খাদ্য যোগান ধৰিব।
- MVC ক’ডৰ দ্বাৰা চিনাক্তকৰণ নিশ্চিত কৰা হ’ব আৰু সঠিক যাত্ৰীয়ে খাদ্য লাভ কৰিব।
- প্ৰতিটো অৰ্ডাৰ আৰু কৰ অনুসৰণৰ ডিজিটেল নিৰীক্ষণ কৰা হ’ব।
- খাদ্য ডেলিভাৰী নহ’লে ধন ঘূৰাই দিয়া হ’ব আৰু ইয়াৰ বিষয়ে SMS/Email/WhatsApp যোগে তথ্য লাভ কৰিব।
পাইলট লঞ্চ আৰু ভৱিষ্যতৰ পৰিকল্পনা
ভাৰতৰ আটাইতকৈ দীঘলীয়া দূৰত্বৰ ৰে’ল বিবেক এক্সপ্ৰেছ ((22503/04) )ত এই সেৱা আৰম্ভ কৰা হৈছে। আগন্তুক ৬০ দিনত আৰু ২৫খন ৰে’লত (১০০ ৰেক) কাৰ্যকৰী কৰা হ’ব। সফলতাৰ পিছত সমগ্ৰ দেশৰ অন্যান্য মেইল/ এক্সপ্ৰেছ ৰে’ল এই সুবিধা উপলব্ধ হ’ব।