শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চাবুৱাত নাও দুৰ্ঘটনা, ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ ১৮ জনকৈ লোক…

চাবুৱাত ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ হৈ পৰিছে ১৮ জনকৈ লোক । নাওখন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত আৱদ্ধ হৈ পৰিছে লোক কেইজন । আৱদ্ধ লোকৰ ভিতৰত আছে পশু চিকিৎসা বিভাগৰ কৰ্মচাৰী ।

চাবুৱাত নাও দুৰ্ঘটনা, ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ ১৮ জনকৈ লোক…
প্ৰতীকী ফটোImage Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 03 Jun 2025 22:53 PM

চাবুৱাত ব্ৰহ্মপুত্ৰৰ মাজত এখন নাও দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ পোৱা গৈছে । দুৰ্ঘটনাৰ ফলত ১৮ জনকৈ যাত্ৰী এটা বালিচৰত আবদ্ধ হৈ পৰিছে । সূত্ৰৰ খবৰ অনুসৰি, পশু খাদ্য বিতৰণ কৰিবলৈ যোৱা এদল পশু চিকিৎসা বিভাগৰ কৰ্মচাৰীসহ স্বেচ্ছাসেৱকৰ নাও দুৰ্ঘটনাত পতিত হৈছে ।

জানিবলৈ পৰা মতে, চাবুৱাত ব্ৰহ্মপুত্ৰৰ মাজত এই অঘটন সংঘটিত হৈছে । দধিয়া অঞ্চলত পশু খাদ্য বিতৰণ কৰি ঘূৰি অহা পথত ঘন কুঁৱলীৰ বাবে দিগভ্ৰান্ত হৈ নদীত উটি অহা এজোপা গছত খুন্দা মাৰে নাওখনে । ফলত নাওখনৰ এটা অংশ ভাঙি যায় আৰু পানী সোমাবলৈ আৰম্ভ কৰে ।

নাওখনত থকা কৰ্মচাৰীসকলে বহু চেষ্টা কৰি কথমপি ব্ৰহ্মপুত্ৰ মাজৰে এটা বালিচৰত নাওখন ৰাখিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে । কিন্তু বাতৰি লিখাৰ সময়লৈকে নাওখনত থকা যাত্ৰীসকল এতিয়াও সেই বালিচৰতে আৱদ্ধ হৈ আছে । ইফালে উদ্ধাৰকাৰী দলৰ সৈতে যোগাযোগ কৰা বুলি জানিব পৰা গৈছে । দধিয়া এলেকাত সংঘটিত হৈছে ঘটনা ।

নাওখনত থকা এজন লোকে সদৰী কৰা মতে, “আজি ৰাতিপুৱা পশু চিকিৎসা বিভাগৰ এটা দল পশু খাদ্য বিতৰণ কৰাৰ বাবে দধিয়ালৈ ৰাওনা হৈছিলোঁ । সুকলমে পশু খাদ্য বিতৰণ কৰা হ’ল । ইয়াৰ পাছত যেতিয়া আমি ঘূৰি আহিলোঁ, তেতিয়া একেবাৰে মাজভাগত কুঁৱলীৰ ফলত নাওখন দিগভ্ৰান্ত হৈ পৰে ।”

“কুঁৱলীৰ বাবে একো নেদেখাৰ ফলত পানীত উটি অহা এজোপা গছত নাওখনে খুন্দা মাৰে । নাওখনৰ বহু ক্ষতি হয় আৰু পানী সোমায় । আমি সকলোৱে সাৱধানে নাওখন এটা বালিচৰত ৰখাবলৈ সক্ষম হ’লো । আমি বৰ্তমান সুৰক্ষিত আছোঁ । কিন্তু কেতিয়া পানী আহে তাৰ নিশ্চয়তা নাই ।” এইদৰে কয় আৱদ্ধ এজন লোকে ।