কোনে পাব ৰাজ্যসভাৰ টিকট ? প্ৰাৰ্থী চূড়ান্তৰ বাবে ১৩ জনীয়া তালিকা প্ৰেৰণ ৰাজ্যিক বিজেপিৰ…
আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী বিবেচনাৰ বাবে ১৩ জন জ্যেষ্ঠ নেতাৰ তালিকা চূড়ান্ত কৰিছে ৰাজ্যিক বিজেপিয়ে । খবৰ অনুসৰি, ৰাজ্যিক বিজেপিয়ে বিবেচনাৰ বাবে ১৩ জন নেতাৰ তালিকা দলৰ ৰাষ্ট্ৰীয় সমিতিলৈ প্ৰেৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

১৯ জুনত অসমৰ দুখন আসনৰ বাবে ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । ইতিমধ্য়ে ইয়াৰে এখন অসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে বিজেপিয়ে । আনখন আসন মিত্ৰ দল অগপক এৰি দিছে শাসকীয় বিজেপিয়ে । ইফালে প্ৰাৰ্থীত্ব বিবেচনাৰ বাবে ১৩ জনীয়া এখন নেতাৰ তালিকা প্ৰস্তুত কৰিছে ৰাজ্যিক বিজেপিয়ে ।
খবৰ অনুসৰি, আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী বিবেচনাৰ বাবে ১৩ জন জ্যেষ্ঠ নেতাৰ তালিকা চূড়ান্ত কৰিছে ৰাজ্যিক বিজেপিয়ে । এই সন্দৰ্ভত সোমবাৰে গুৱাহাটীৰ বাজপেয়ী ভৱনত এক বৈঠক অনুষ্ঠিত হৈছিল । খবৰ অনুসৰি,ৰাজ্যিক বিজেপিয়ে বিবেচনাৰ বাবে ১৩ জন নেতাৰ তালিকা দলৰ ৰাষ্ট্ৰীয় সমিতিলৈ প্ৰেৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাজ্যসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক বিজেপিয়ে এখন আসন অগপক এৰি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । আনখন আসনৰ বাবে যিসকল প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্বৰ বাবে আবেদন কৰিছিল । সেই অনুসৰি সকলো প্ৰাৰ্থীৰ আবেদনেই ৰাষ্ট্ৰীয় সমিতিলৈ প্ৰেৰণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি কয় মুখ্যমন্ত্ৰীয়ে ।
প্ৰকাশিত খবৰ অনুসৰি তালিকাত আছে- প্ৰাক্তন সাংসদ কুইন ওজা, শিলচৰৰ প্ৰাক্তন সাংসদ ড° ৰাজদ্বীপ ৰায়, বৰ্তমান ৰাজ্যসভাৰ সাংসদ মিছন ৰঞ্জন দাস, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই,সুনীতা চাংকাকতি, প্ৰদীপ ঠাকুৰিয়া,সঞ্জীৱ গোস্বামী, দয়ানন্দ বৰগোহাঁই, বিজয় কুমাৰ গুপ্তা, মৃদুলা বৰকাকতি,ভাস্কৰ দাহাল, কনদ পুৰকায়স্থ, বিশ্বৰূপ ভট্টাচাৰ্যৰ নাম ।
অসমৰ দুখন আৰু তামিলনাডুৰ ৬ খন, মুঠ ৮ খন ৰাজ্যসভা আসনৰ বাবে অহা ১৯ জুনত অনুষ্ঠিত হ’ব ৰাজ্যসভা নিৰ্বাচন । ২ জুনত ৰাজ্যসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিব নিৰ্বাচন আয়োগে । মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ৯ জুন। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১২ জুন। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিনাই ঘোষণা কৰা হ’ব ফলাফল।